তেজত শর্কৰাৰ পৰিমান হ্ৰাস কৰাৰ বাবে পিঁয়াজ হ’ব পাৰে এক উৎকৃষ্ট ছুপাৰফুড ৷ পিয়াজে তেজত শর্কাৰ মাত্ৰা মাত্ৰা ৫০ শতাংশ পর্যন্ত হ্ৰাস কৰিব পাৰে ৷ টাইপ ২ ডায়েবেটিছ ৰোগীৰ চিকিৎসা কৰাৰ সময়ত খাদ্যতালিকাত অন্তভুর্ক্ত কৰিব পাৰে পিঁয়াজ ৷ শেহতীয়াকৈ এক অধ্যয়নত পোহৰলৈ আহিছে এই তথ্য ৷
২৫ আগষ্টত ছান ডিয়েগোত অনুষ্ঠিত দ্য এণ্ড’ক্ৰাইন ছ’চাইটিৰ ৯৭ সংখ্যক বাৰ্ষিক সভাত এই তথ্য উপস্থাপন কৰা হৈছিল ৷ য’ত প্ৰকাশ পাইছিল যে পিঁয়াজে তেজৰ উচ্চ শর্কৰা আৰু মুঠ কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰিব পাৰে ৷ নাইজেৰিয়াৰ আব্ৰাকাৰ ডেল্টা ষ্টেট ইউনিভাৰ্চিটিৰ মুখ্য অধ্যয়ন লেখক এণ্টনি ওজিয়েৰ উদ্ধৃতিৰে কোৱা হৈছে যে, “পিয়াঁজ কম মূল্যত আৰু সহজে উপলব্ধ ৷ ইয়াক পুষ্টিকৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা হয় । ডায়েবেটিছ ৰোগীৰ চিকিৎসাত ইয়াৰ ব্যৱহাৰৰ সম্ভাৱনা আছে।” মন কৰিবলগীয়া যে গৱেষকসকলে এন্দুৰৰ ওপৰত এই পৰীক্ষা কৰিছিল। কৃত্ৰিমভাৱে ডায়েবেটিছত আক্ৰান্ত কৰি তিনিটা এন্দুৰৰ ওপৰত এই পৰীক্ষা কৰা হৈছিল ৷ পিঁয়াজৰ ৰস বিভিন্ন মাত্ৰাত এন্দুৰ কেইটাৰ শৰীৰত প্ৰয়োগ কৰা হৈছিল ৷ ইয়াৰ জৰিয়তে ঔষধৰ কাম কৰে নেকি সেয়া পৰীক্ষা কৰা হৈছিল ৷
অৱশ্যে এই অধ্যয়ন সন্দর্ভত প্ৰশ্ন উত্থাপন কৰি ফৰ্টিছ চিডিঅ’চি চেণ্টাৰ ফৰ ডায়েবেটিছৰ অধ্যক্ষ ডাঃ অনূপ মিশ্ৰই কয়, “এই যুক্তিৰে গ’লে ভাৰত বর্তমান ডায়েবেটিছৰ হটস্পট নহ’লহেঁতেন। আমি বহুত পিঁয়াজ সেৱন কৰো ৷ আমাৰ পাকঘৰৰ প্ৰধান খাদ্য ৷তথাপিও আমাৰ দেশত ইমানবোৰ ডায়েবেটিছ ৰোগী আছে। হয়, পিঁয়াজত ফাইবাৰ যথেষ্ট বেছি ৷ ভাৰতত ইয়াক সকলো প্ৰকাৰে কেঁচা অথবা ৰান্ধি খোৱা হয় ৷ গতিকে, যেতিয়ালৈকে আমি পিঁয়াজৰ নিষ্কাশনে তেজৰ গ্লুক’জ হ্ৰাস কৰা ব্যৱস্থাটোৰ বিষয়ে বিতংভাৱে গম নাপাওঁ, বিপাকীয় ক্ৰিয়াৰ ওপৰত ইয়াৰ প্ৰভাৱ আৰু ইয়াৰ কাৰ্যকাৰিতা আন ঔষধৰ দৰেই ভাল নেকি, তেতিয়ালৈকে ই নিৰ্দিষ্ট সিদ্ধান্ত ল’বলৈ অত্যন্ত খৰখেদা হ’ব। আমাৰ হাতত এতিয়াও বিশদ তথ্য নাই আৰু গৱেষকসকলে ইয়াৰ ওপৰত কাম কৰিব লাগিব।”
কিন্তু তেওঁ কয় যে এন্দুৰৰ ওপৰত কৰা অধ্যয়নৰ তথ্যসমূহ সম্পূৰ্ণৰূপে আওকাণ কৰিব নোৱাৰি আৰু ক্লিনিকেল ট্ৰায়েলৰ জৰিয়তে মানুহৰ ক্ষেত্ৰত ইয়াৰ পৰীক্ষা কৰা উচিত। ইয়াক পৃথকে পৃথকে পৰীক্ষা কৰিব লাগিব ৷ যিসকল ভাৰতীয়ই পৰম্পৰাগতভাৱে পিঁয়াজ খাই খাই আহিছে তেওঁলোকক সামৰি ল’ব লাগিব ৷