কেৱল উৎসৱৰ সময়তে নহয়, সাধাৰণ দিনতো মাছ অবিহনে খাদ্যৰ থালখন আধৰুৱা হৈয়েই থাকে। কিন্তু বহু সময়ত মাছ কিনিবলৈ গৈ বহুলোক প্ৰতাৰিত হয় । যদি আপোনাৰ জীৱনত এনেকুৱা অভিজ্ঞতা আছে, তেন্তে মাছ সতেজ হয় নে নহয় পৰীক্ষা কৰক। কিন্তু কিদৰে জানিব মাছ সতেজ হয়নে নহয় ৷
গোন্ধ
দোকানলৈ গৈ হাতত মাছটো লৈ নাকৰ কাষলৈ আনি গোন্ধ লওক । গোন্ধটো যদি অতি তীব্ৰ যেন লাগে তেন্তে ক্ৰয় কৰিব নে নকৰে সেইটো চিন্তা কৰাটো প্ৰয়োজনীয় । প্ৰচণ্ড গোন্ধযুক্ত মাছ প্ৰায়ে বাহী হয়।
মাছৰ চকু চাওক
মাছটো সতেজ হয় নে নহয় মাছৰ চকুলৈ চাই বুজিব পাৰি। মাছ সতেজ হ’লে চকু দুটা উজ্জ্বল, চিকচিকিয়া আৰু ফুলি থাকে। বাহী মাছৰ চকুত সেই জিলিকনি একেবাৰেই নাথাকে, তাৰ পৰিৱৰ্তে চকু দুটা ঘোলা থাকে ।
মাছৰ ফুল ৰঙা নে ?
মাছ সতেজ হ’লে কাণৰ ফুলৰ ৰং উজ্জ্বল ৰঙা হ’ব। মাছ কিনাৰ সময়ত বিক্ৰেতাক মাছৰ ফুল দেখুৱাবলৈ কওক। আৰু যদি মাছটো বাহী হয়, তেন্তে মাছৰ ফুলৰ ৰংটো ইটাৰ দৰে অলপ গাঢ় ৰঙা হ’ব। যদি ফুলটো টিকর্টিকীয়া ৰঙা নহয়, তেনেহ’লে বুজিব যে মাছটো সতেজ নহয় ৷