ডায়েবেটিছ মানে জীৱনৰ পৰা বহু বস্তু নিমিষতে আঁতৰি যায়। ডায়েবেটিছ হৈছে দ্ৰুতগতিত বৃদ্ধি পোৱা অন্যতম ৰোগ। দীৰ্ঘদিন ধৰি অতিৰিক্ত কেলৰি আৰু কাৰ্বহাইড্ৰেট সেৱন কৰিলে টোপনিৰ অভাৱ, ভাগৰ, উদ্বেগ আদি বিভিন্ন সমস্যাৰ সৃষ্টি হয়। শৰীৰৰ লগত হোৱা এই অনিয়মৰ ফলত তেজত শর্কৰাৰ মাত্ৰা উঠা-নমা কৰিবলৈ আৰম্ভ কৰে। ডায়েবেটিছে শৰীৰত বাহ সাজে। পুষ্টিবিদসকলৰ মতে এই ৰোগত আক্ৰান্ত হ’লে খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰিব লাগিব। কেৱল ঔষধেই নহয়, ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ যৱ-পানীয়ৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।
যৱত ‘বিটা গ্লুকেন’ নামৰ সহজে হজম হোৱা আঁহ থাকে। যাৰ ফলত তেজত থকা অতিৰিক্ত শর্কৰা শোষণ হোৱাত বাধা দিয়ে। এই যৱ মিহলি পানীয়ে হঠাতে হোৱা মিঠাৰ লোভ কম কৰিব পাৰে।
কেনেকৈ প্ৰস্তুত কৰিব?
যৱখিনি ভালদৰে ধুই ৰাতি পানীত তিয়াই থব। পিছদিনা তিয়াই থোৱা যৱখিনিত আৰু কিছু পানী দি উতলাই ল’ব ৷ দহ মিনিটৰ পিছত যেতিয়া মিশ্ৰণটো ঘন হ’ব তেতিয়া গেছটো বন্ধ কৰি দিব। যৱখিনি চেকি লৈ মিশ্ৰণটোত নেমুৰ ৰস বা পদিনা পাতৰ ৰস কেইটোপালমান দিব। প্ৰতিদিনে ৰাতিপুৱা খালী পেটত এই যৱ বা যৱত তিয়াই থোৱা পানী সেৱন কৰিলে সৰ্বাধিক সুফল পোৱা যাব।
যৱৰ পানীয়ই আৰু কি কি সমস্যা সমাধান কৰিব পাৰে?
১)যৱ তিয়াই থোৱা পানীয়ে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে। পুষ্টিবিদসকলৰ মতে যৱত আঁহৰ পৰিমাণ অতি বেছি। গতিকে এই পানী খালে অন্ত্ৰৰ স্বাস্থ্যও উন্নত হয়।
২) শৰীৰৰ আভ্যন্তৰীণ তাপ বাঢ়িলে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। গ্ৰীষ্মকালত শৰীৰত পানীৰ অভাৱ হয়। ফলত ডিহাইড্ৰেচনৰ সমস্যা হ’ব পাৰে। এই সময়ত আপুনি পানী বা বজাৰত বিক্ৰী হোৱা পানীয়ৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে যৱৰ পানীয় সেৱন কৰিব পাৰে।
৩) প্ৰস্ৰাৱৰ সংক্ৰমণ, বৃক্কৰ পাথৰ আদি সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ যৱ তিয়াই থোৱা পানীৰ ওপৰত নিৰ্ভৰ কৰিব পাৰি। শৰীৰৰ পানীৰ প্ৰয়োজনীয়তা পুনৰ ভৰাই তোলাৰ পৰা আৰম্ভ কৰি দূষিত সামগ্ৰী শৰীৰৰ পৰা নিষ্কাষন কৰালৈকে—যৱ দ্ৰৱীভূত পানী অত্যন্ত উপকাৰী ৷
৪) আপুনি যিমানেই ওজন কমাবলৈ চেষ্টা নকৰক কিয়, আপোনাৰ মেটাবলিজমৰ উন্নতি নহ’লে ফলাফল লাভ নকৰিব ৷ বিপাকীয় ক্ৰিয়া ভাল হ’লে ই বিভিন্ন শাৰীৰিক কাৰ্য্যত প্ৰভাৱ পেলায়। যৱত তিয়াই থোৱা পানী এই ক্ষেত্ৰত বিশেষ উল্লেখৰ যোগ্য।