গীষ্মকালীন এবিধ পাচলি হ’ল জিকা। জিকা বিভিন্ন ধৰণে ৰান্ধি খাব পাৰি। জিকাৰ ভাজি , সবজি , মাছেৰে জিকা বনাই খোৱাৰ উপৰিও বইল কৰি বা জিকা পুৰিও খাবলৈ বৰ সোৱাদ যুক্ত হয়। তাৰোপৰি বহুতে আফুগুটিৰে অৰ্থাৎ জিকা পোষ্ট ৰান্ধি তৃপ্তিৰে খায়। জিকা কেৱল খাবলৈয়ে সোৱাদময় এনে নহয় জিকাৰ আছে প্ৰচুৰ উপকাৰী গুণ। শৰীৰ সুস্থ ৰাখিবলৈ জিকা খোৱা অতি প্ৰয়োজন। জানো আহকচোন জিকাৰ উপকাৰীতাৰ বিষয়ে——-
১) জিকাত খুব কম পৰিমাণে কলেষ্টেৰল থাকে । গতিকে জিকা খোৱাৰ ফলত ওজন কমে আৰু কলেষ্টেৰল নিয়ন্ত্ৰণত থাকে।
২) জিকাত প্ৰচুৰ পৰিমাণে পানী থাকে। জিকা খালে বাৰে বাৰে খোৱাৰ ইচ্ছা কমি যায়। ডায়েটিং কৰিলে খোৱা খাদ্যৰ তালিকাত অৱশ্যেই জিকা ৰাখিব লাগে।
৩) জিকাই তেজ পৰিষ্কাৰ কৰাত সহায় কৰে। লিভাৰৰ কাৰণেও জিকা উপকাৰী। গতিকে প্ৰতিদিনৰ আহাৰৰ লগত জিকা থকাটো প্ৰয়োজন।
৪) জিকাৰ ৰস খালে লিভাৰৰ কৰ্মক্ষমতা বাঢ়ে। বিশেষকৈ লিভাৰৰ এলকোহলৰ ক্ষতিকৰ প্ৰভাৱ দূৰ কৰে।
৫) জিকা ফাইবাৰেৰে ভৰি থাকে। গতিকে জিকা খালে কোষ্ঠকাঠিন্য দূৰ হোৱাৰ লগতে এচিদিটি কমোৱাত সহায় কৰে।
৬) জিকাই পাকস্থলীৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু খোৱা খাদ্য হজম হোৱাত সহায় কৰে। পাইলছ ৰোগীৰ বাবেও জিকা অতি উপকাৰী পাচলি।
৭) জিকাত পেপেটাইড এনজাইম থকা বাবে তেজত চুগাৰৰ পৰিমাণ কমায়। তেজত ইনছুলিনৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাৰ সহায় কৰে। ফলত ডায়বেটিক ৰোগীৰ বাবে জিকা মহৌষধ।
৮) জিকা প্ৰাকৃতিক ভাৱে এণ্টিবায়টিক। শৰীৰৰ বিষাক্ত উপাদান বা টক্সিন বাহিৰ কৰি দিয়াত সহায় কৰে জিকাই।
৯) প্ৰতিদিনে জিকা খালে ছাল ভালে থাকে। বিভিন্ন ৰোগৰ জীবানু , ভাইৰাছ বেকটেৰিয়াৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰে জিকাই।
গতিকে বাৰীত উপলব্ধ আৰু সহজতে বজাৰত পোৱা জিকা প্ৰতিদিনৰ খাদ্য তালিকাত ৰাখিব লাগে আৰু শৰীৰ সুস্থ হৈ থকাৰ লগতে সুন্দৰ হৈ থাকিব পাৰি।