বয়স বঢ়াৰ লগে লগে দেখা দিবলৈ আৰম্ভ কৰা সমস্যাৰ তালিকাৰ ভিতৰত ইউৰিক এচিড একেবাৰে শীৰ্ষত আছে। আঁঠুৰ তীব্ৰ বিষ, গাঁঠি ফুলাৰ ফলত তীব্ৰ বিষ আৰু লগতে ভৰিৰ গোৰোহাত বিষ ইউৰিক এচিডৰ কিছুমান লক্ষণ। খাদ্যৰ পৰা উৎপন্ন হোৱা এচিড তেজত প্ৰৱেশ কৰি বৃক্কলৈ যায়। বৃক্কে এই ক্ষতিকাৰক পদাৰ্থবোৰ প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা ফিল্টাৰ কৰি উলিয়াই দিয়ে। কিন্তু যদি লিভাৰে নিৰ্গত কৰাতকৈ অধিক এচিড উৎপন্ন কৰে তেন্তে বৃক্কই অতিৰিক্ত ইউৰিক এচিড শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই নিব নোৱাৰে। আৰু তাৰ ফলত তেজত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পায়। উচ্চ ইউৰিক এচিডে সাধাৰণতে খোজ কঢ়াৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰে ৷ গতিকে এই ৰোগ নিয়ন্ত্ৰণত ৰখাটো জৰুৰী।ইউৰিক এচিড হাতত ৰাখিবলৈ চিকিৎসকৰ পৰামৰ্শ মানি চলাটো প্ৰয়োজনীয়। কিন্তু ঔষধ সেৱন কৰিলেও বহু ক্ষেত্ৰত বিষ কমোৱা সম্ভৱ নহয়। তেনে ক্ষেত্ৰত আপুনি কেইটামান ঘৰুৱা উপায় অৱলম্বন কৰি সুফল লাভ কৰিব পাৰে ৷
তেজ পাত
ৰন্ধা-বঢ়াৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধি কৰিবলৈ তেজপাত ব্যৱহাৰ কৰা হয় ৷ কিন্তু কেৱল ৰন্ধা-বঢ়াৰ সোৱাদ বৃদ্ধিৰ বাবেই নহয়। শৰীৰ সুস্থ কৰি ৰাখিবলৈ তেজ পাতৰ ওপৰত বিশ্বাস কৰিব পাৰি। ইউৰিক এচিড ৰোগীয়ে তেজ পাত সিজোৱা পানী খাব পাৰে। আপুনি সুফল লাভ কৰিব ৷
ধনীয়া পাত
ধনীয়া পাত তেজত ক্ৰিয়েটিনিন আৰু ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাত অতি ফলপ্ৰসূ। ফাইবাৰ, আইৰণ, মেংগানিজ, মেগনেছিয়াম, ভিটামিন চিৰে সমৃদ্ধ এই পাত ইউৰিক এচিড ৰোগীৰ বাবে অতি উপকাৰী। ধনীয়া পাত খোৱাৰ দুটা উপায় আছে ৷আপুনি ধনীয়াৰ পাত সিজাই খাব পাৰে । অথবা ধনীয়া পাত তিয়াই থোৱা পানী খাব পাৰে। কেইদিনমানৰ ভিতৰতে আপুনি উপলব্ধি কৰিব পাৰিব ইয়াৰ উপকাৰ।
পাণ
খাদ্য গ্ৰহণৰ পাছত মুখ শুদ্ধি হিচাপে পাণ খোৱা যায় ৷ হজম শক্তি বৃদ্ধিৰ বাবেও পাণ অতি উত্তম। কিন্তু বহুতে হয়তো নাজানে, পাণ পাতে ঔষধৰ দৰে কাম কৰি ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰে।