বৰ্তমান সময়ত বহুলভাৱে ব্যৱহৃত এক সামগ্ৰী হৈছে মোবাইল। মোবাইলৰ অবিহনে এক মুহূৰ্তও কল্পনা কৰা কঠিন । ফেচবুক , ইনষ্টাগ্ৰাম, টুইটাৰ, হোৱাটছএপ – এইবোৰ সামাজিক মাধ্যমতে যেন বেছিভাগ সময় পাৰ কৰে বহু লোকে। আনহাতে ইয়াৰ লগতে নতুনকৈ সংযোগ হৈছে OTT প্লেটফৰ্ম সমূহ।
মোবাইলফোন সহজলভ্য আৰু হাততে থকাৰ বাবে চিনেমা চোৱাৰ পৰা আন বহু কাম কৰালৈকে সকলো ইয়াৰদ্বাৰাই সম্ভৱ হয়। বিচনাৰ পৰা আৰম্ভ কৰি, ডাইনিং টেবুল , বাথৰুম আদি সকলোতে যেন এক সংগীস্বৰূপ হৈ পৰিছে এই মোবাইল। কিন্তু বহুতো লোকে হয়তো নাজানে যে বাথৰুমত মোবাইল ব্যৱহাৰ কৰাতো স্বাস্থ্যৰ পক্ষে কিমান অপকাৰী।
মোবাইলৰ কভাৰসমূহ ৰবৰৰে তৈয়াৰ কৰা হয়। ৰবৰত যিকোনো ভাইৰাছ তথা বেক্টেৰিয়াই সহজতে বাহ লয়। আনহাতে বাথৰুমৰ ফ্লাছ , পানীৰ টেপ বা দৰজাৰ লক আদিবোৰ ব্যৱহাৰ কৰি মোবাইলত হাত দিলেও কিছুমান ভয়ংকৰ বেক্টেৰিয়া সহজতে সংক্ৰমিত হয় । এনে বেক্টেৰিয়াৰ পৰা টাইফয়েদৰ দৰে মাৰাত্মক ৰোগো হ’ব পাৰে।
আনহাতে মোবাইলৰ স্ক্ৰিণত থকা বেক্টেৰিয়া কান, মুখ , নাক আৰু চকুত সহজেই প্ৰৱেশ কৰিব পাৰে, যিহেতু মোবাইলটো এই অংগৰ সংস্পৰ্শলৈ বাৰে বাৰে আহি থাকে। মন কৰিবলগীয়া কথা এই যে সেমেকা বা ভিজা পৰিবেশত বেক্টেৰিয়াই দ্ৰুতগতিত বংশ বৃদ্ধি কৰে । গতিকে বাথৰুম বা শৌচালয়ৰ আশে – পাশে মোবাইল ৰখা মানেই বেক্টেৰিয়াৰ সংক্ৰমণ। মোবাইলৰ স্ক্ৰিণত থকা বেক্টেৰিয়া হাতৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰি নানা ক্ষতি কৰিব পাৰে।
উল্লেখ্য যে মোবাইলৰ ক্ষেত্ৰত আন এক ডাঙৰ ভয় হ’ল যে অনবৰতে মোবাইল ব্যৱহাৰ কৰি থাকিলে তাৰ তাপমাত্ৰা বাঢ়ি যায়। যাৰ ফলত কেতিয়াবা মোবাইলটো গৰম হৈ পৰে। এই তাপমাত্ৰাতো কিছুমান বেক্টেৰিয়াৰ বৃদ্ধি দ্ৰুত হয়। কিছুমান এনে বেক্টেৰিয়া আছে যিয়ে ঠাণ্ডা ঠাইত আৰু আন কিছুমান বেক্টেৰিয়া আছে যিয়ে গৰম ঠাইত সহজতে বংশবৃদ্ধি কৰে।
গতিকে বুজিব পৰা যায় যে মোবাইলটোৰ জৰিয়তে এইদৰেই অতি সহজতে বেক্টেৰিয়াৰ সংক্ৰমণ হ’ব পাৰে। সেইবাবেই যিমান পাৰি সোনকালে বাথৰুম বা তেনে কোনো ঠাইলৈ মোবাইল নিয়াৰ এই অভ্যাস ত্যাগ কৰা উচিত।