ভাৰতত এনে বহু ৰাজ্য আছে যি বোৰ ৰাজ্য পৰ্য্যটনৰ ক্ষেত্ৰত সমগ্ৰ বিশ্ববিখ্যাত ৷ উত্তৰাখণ্ড,হিমাচল প্ৰদেশ,উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক শোভাৰে সমৃদ্ধ তেনে কেইবাখনো আকৰ্ষণীয় ৰাজ্যৰ লগতে ভাৰতৰ তেনে এখন বিখ্যাত ৰাজ্য হ’ল তামিলনাডু, যিখন ৰাজ্যৰ আকৰ্ষণীয় পাহাৰীয়া ঠাইসমূহৰ মনোমোহা সৌন্দৰ্য্যই মন্ত্ৰমুগ্ধ কৰে দেশ-বিদেশৰ লক্ষ লক্ষ পৰ্য্যটকক।
তামিলনাডুৰ তেনে কেইখনমান জনপ্ৰিয় পাহাৰীয়া ঠাইৰ ভিতৰত অন্যতমঠাই হ’ল -উটি ৷
উটি হ’ল তামিলনাডুৰ এনে এক ধুনীয়া পাহাৰীয়া ঠাই যি ঠাইৰ সেউজীয়া পাহাৰ আৰু ঘন অৰণ্যই অভিভূত কৰে প্ৰকৃতি প্ৰেমীসকলক। গ্ৰীষ্ম ঋতুত ইয়াৰ শীতল বতাহে সতেজতা প্ৰদান কৰে পৰ্য্যটকসকলক । উটিৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ হ’ল ইয়াৰ হ্ৰদ আৰু জলপ্ৰপাতসমূহ। প্ৰাকৃতিক ভাৱে অত্যন্ত চহকী এই ঠাইত পৰ্যটকসকলে ট্ৰেকিং, কেম্পিং, নৌকা বিহাৰ আদিৰ লগতে উপভোগ কৰিব পাৰে বহু দুঃসাহসিক ক্ৰীড়া।
তামিলনাডুৰ আন এক আকৰ্ষণীয় পাহাৰীয়া ঠাই হ’ল কোডাইকানাল৷
এই পাহাৰীয়া ঠাইখনো ইয়াৰ অনন্য প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে সমগ্ৰ বিশ্ববিখ্যাত। সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৭০০০ ফুট উচ্চতাত অৱস্থিত এই ঠাইখনৰ ঘন অৰণ্য, সেউজীয়াৰে ভৰা উপত্যকা আৰু পাহাৰৰ শৃংগৰ এক আচৰিত দৃশ্যয়ো মন্ত্ৰমুগ্ধ কৰে সকলোকে।
য়ৰক’ড তামিলনাডুৰ চেলেম জিলাত অৱস্থিত এক আকৰ্ষণীয় পাহাৰীয়া ঠাই। এই ঠাইখনো ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে বিশ্ববিখ্যাত। ইয়াৰক’ডৰ ঘন সেউজীয়া অৰণ্য, সেউজীয়া উপত্যকা ,পৰ্বতমালাৰ লগতে জলপ্ৰপাত সমূহৰ মোহনীয় শোভাই যেন সদায়েই হাতবাউলী মাতে সমগ্ৰ বিশ্বৰ পৰ্য্যটকসকলক