Mycobacterium Lepra নামৰ এক প্ৰকাৰ বীজানুৰ দ্বাৰা কুষ্ঠ ৰোগ হয়। যি কোনো বয়সতে এই ৰোগ হ’ব পাৰে যদিও শিশুসকলক সাধাৰণতে কুষ্ঠ ৰোগে বেছিকৈ আক্ৰমণ কৰে। এই ৰোগীৰ লগত বেছিদিন ধৰি মিলা-মিছা কৰিলেও এই ৰোগ হ’ব পাৰে।
প্ৰথমে হাত বা ভৰিত অকণমান বগা , ৰঙা বা শেঁতা পৰা দেখা যায়। পিছত সেই স্থানত বা অন্য ঠাইত ঘা হয়। ঘা উখহি থাকে আৰু প্ৰায়ে ৰঙা বা বগা পৰি থকা দেখা যায়। ঘা ৰ পৰা কেতিয়াবা তেজ ওলায়। প্ৰধানকৈ এই ৰোগ হাত বা ভৰিত হয় যদিও মুখ , কাণ বা শৰীৰৰ যি কোনো অংগত হ’ব পাৰে। ৰোগ বেছি হ’লে সংজ্ঞাহীন হয় আৰু ৰোগীৰ হঠাৎ জ্বৰ হয়। ৰোগী অসম্ভৱ দুৰ্বল হৈ পৰে। বন -দৰবেৰে কেনেকৈ উপশম পাব পাৰি জানো আহকচোোন-
১) গুলঞ্চ পাতৰ ৫ চামুচ ৰস গৰুৰ ঘিউৰ সৈতে খাব লাগে। মৌৰ সৈতেও খালে সুফল পোৱা যায়।
২) কূটজ গছৰ শুকান ছালৰ গুড়া ২ চামুচ দৈনিক খোৱা ভাল।
৩) কালকাসুন্দৰ পাতৰ ৰস নিয়মীয়াকৈ ৰাতিপুৱা খালে কুষ্ঠ ৰোগ ভাল হয়।
৪) বগা কৰবীৰ শিপা খুন্দি প্ৰলেপ দিব লাগে আৰু সামান্য পৰিমাণৰ ৰস সমপৰিমাণৰ পানীৰ লগত খাব লাগে।
৫) অগৰুৰ তেলেৰে মালিচ কৰিব লাগে।
৬) সোমৰাজ গছৰ গুটি পিহি তাত তিল মিহলি কৰি ১৫ দিন মান একেৰাহে খালেই কুষ্ঠ ৰোগ ভাল হয়।
৭) চিৰতা শুকান কৰি ৩ চামুচ গুড়া নিয়মীয়াকৈ খালে কুষ্ঠৰোগ প্ৰশমিত হয়।
৮) গাঢ় নীলা অপৰাজিতাৰ ফুলত পিপলিৰ শিপা মিহিকৈ বাটি শ্বেত কুষ্ঠত প্ৰলেপ দিলে ৰোগ আৰোগ্য হয়।
৯) মহানিমৰ শিপা , পাত, ছাল ,ফুল আৰু ক্কাথ নিয়মিত ব্যৱহাৰ কৰিলে কুষ্ঠৰোগ প্ৰশমিত হৈ থাকে।
১০) ছালমুগৰা তেল লগালে যথেষ্ট উপকাৰ পোৱা যায়।