পৰ্যাপ্ত টোপনি আচলতে সুস্থ জীৱনৰ অন্যতম চাবিকাঠি। প্ৰতিদিনে কমেও ছয় ঘণ্টা নিৰৱচ্ছিন্নভাৱে টোপনি নহ’লে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। টোপনিৰ অভাৱেও মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। গতিকে যদি আপোনাৰ অনিদ্ৰাৰ সমস্যা আছে তেন্তে ইয়াক অৱহেলা কৰা উচিত নহয়। যদি অনিদ্ৰাৰ সমস্যাটো দীৰ্ঘদিন ধৰি থাকে তেন্তে ইয়াৰ ফলত স্থায়ী ৰোগ হ’ব পাৰে। বিজ্ঞানৰ ভাষাত ইয়াক ‘অনিদ্ৰা’ বুলি কোৱা হয়। যিহেতু এই সমস্যা থকা লোকসকলে সোনকালে টোপনি আহিব নোৱাৰে, গতিকে এবাৰ সাৰ পালে তেওঁলোকে পুনৰ শুবলৈ মন নকৰে । এই সমস্যাৰ পৰা কিছু সকাহ দিব পৰা কিছুমান কৌশল আগবঢ়োৱা হ’ল।
১) শুবলৈ যাওঁতে পৰিবেশ শান্ত হোৱা উচিত। উজ্জ্বল পোহৰৰ সলনি কোমল নীলা পোহৰে টোপনিত সহায় কৰিব পাৰে।
২) অনিদ্ৰা দূৰ কৰিবলৈ প্ৰতিদিনে শৰীৰত কিমান পৰিমাণৰ কেফেইন গ্ৰহণ কৰিছে তাৰ ওপৰত চকু ৰাখিব। কেফেইনযুক্ত খাদ্য পৰিহাৰ কৰক। তেনে সমস্যা হ’লে সন্ধিয়াৰ পিছত চাহ-কফি নাখালে ভাল।
৩) মানসিক চাপত থাকিলে শুব নোৱাৰাটো স্বাভাৱিক। যদি মানসিক চাপৰ সমস্যা হয় তেন্তে মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে। ধ্যান আৰু সঠিক উশাহ-নিশাহৰ ব্যায়ামে টোপনিত বহুখিনি সহায় কৰিব পাৰে। প্ৰতিদিনে নিয়মিতভাৱে এই ধৰণৰ ব্যায়াম কৰিলে মানসিক চাপ আৰু অনিদ্ৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।
৪) প্ৰতিদিনে শুবলৈ যোৱাৰ পূর্বে এটা নিৰ্দিষ্ট অভ্যাস গঢ়ি তুলিব পাৰে। কিতাপ পঢ়িব পাৰে, দৈনিক লিখিব পাৰে। যদিও আপাত দৃষ্টিত গুৰুত্বহীন, তথাপিও এনে অভ্যাসে দীৰ্ঘম্যাদী অনিদ্ৰাৰ পৰা উপশম লাভ কৰাত সহায় কৰে।
৫) শোৱাৰ কেইঘণ্টামান আগতে ইলেক্ট্ৰনিক যন্ত্ৰ ব্যৱহাৰ বন্ধ কৰক। শোৱাৰ আগতে কেইঘণ্টামানৰ বাবে লেপটপ বা মোবাইলৰ স্ক্ৰীণত চকু ৰাখিব নালাগে।