ঘৰৰ আভ্যন্তৰীন সজ্জাই যিকোনো এজন ব্যক্তিৰ ৰুচিৰ প্ৰতিফলন ঘটায় । কোনোবাই ঘৰৰ উজ্জ্বল সজ্জা ভাল পায়, কোনোবাই পুৰণি আচবাব ভাল পায়, কোনোবাই আধুনিক আচবাব ভাল পায়। কোঠাটোত প্ৰৱেশ কৰাৰ কেইমুহূৰ্তৰ ভিতৰতে অতিথি এজনৰ আপোনাৰ ৰুচি, পছন্দ, চিন্তাৰ বিষয়ে এটা ধাৰণা হয়। ঘৰটো কেনেদৰে ৰাখিলে অতিথি সোমালেই মন প্ৰসন্ন হৈ পৰিব ?
১) ঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা: ঘৰখন পৰিষ্কাৰ আৰু পৰিপাটি কৰি ৰাখিলে অতিথি প্ৰৱেশ কৰিয়েই মনত সন্তুষ্টি লাভ কৰিব । সাধাৰণতে পৰিষ্কাৰ ঘৰ মানুহে পছন্দ কৰে। ধূলি, লেতেৰা পাত্ৰ বা বিশৃংখল পৰিৱেশে নেতিবাচক চিন্তাৰ সৃষ্টি কৰিব পাৰে।
২) সজ্জা: ঘৰৰ ভিতৰৰ অংশই ব্যক্তিত্ব আৰু ৰুচিৰ কথা বুজায়। বিভিন্ন ব্যক্তিগত পছন্দ, ছবি আৰু শিল্পকৰ্মই আপোনাৰ আগ্ৰহ আৰু অভিজ্ঞতাক প্ৰতিফলিত কৰিব পাৰে ৷
৩) যদি আপোনাৰ ঘৰত পোহনীয়া জন্তু আছে: যদি আপোনাৰ ঘৰত পোহনীয়া জন্তুৰ মল-মূত্ৰৰ গোন্ধ ওলায়, তেন্তে উপযুক্ত ব্যৱস্থা লোৱাটো প্ৰয়োজনীয়। পোহনীয়া জন্তুৰ বিচনা পৰিষ্কাৰ কৰি ৰাখক। ঘৰত যদি পোহনীয়া জন্তুৰ চুলি আদি থাকে তেন্তে পৰিষ্কাৰ কৰি ৰখাটোও স্বাস্থ্যকৰ।
৪) দুৰ্গন্ধ: আমি প্ৰায়ে নিজৰ ঘৰৰ গোন্ধ অনুভৱ নকৰো। সেয়ে ঘৰত কিবা গোন্ধ ওলালে খিৰিকী খুলি ধূপ বা সুগন্ধি চাকি জ্বলোৱাটো অতি প্ৰয়োজনীয়।
৫) পোহৰ: পোহৰে কোঠাটোক এক বেলেগ মাত্ৰা প্ৰদান কৰাত সহায় কৰে। বহুতে কোঠাত কোমল পোহৰ বা পোহৰ-ছাঁ পছন্দ কৰে, আনহাতে আন কিছুমানে কোঠাত উজ্জ্বল পোহৰ পছন্দ কৰে। কিন্তু, ঘৰলৈ আহিলে আলহীৰ পছন্দৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ।
৬)বাথৰুম আৰু পাকঘৰ পৰিষ্কাৰ কৰি ৰখাঃ বাথৰুম আৰু পাকঘৰ নিয়মিতভাৱে পৰিষ্কাৰ কৰি ৰখাটো অতি প্ৰয়োজনীয়। অপৰিষ্কাৰ বাথৰুম আৰু পাকঘৰে অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰে।
সৰ্বোপৰি অতিথিসকলে কেনে অনুভৱ কৰিব সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে অতিথিসকলৰ লগত কৰা ব্যৱহাৰৰ ওপৰত। উষ্ণ, আমন্ত্ৰণমূলক আৰু আৰামদায়ক পৰিৱেশে অতিথিসকলক নিশ্চিতভাৱে ইতিবাচক অভিজ্ঞতা প্ৰদান কৰিব।