স্বাস্থ্যৱান হৈ থকাৰ আটাইতকৈ উত্তম উপায় হ’ল স্বাস্থ্যসন্মত খাদ্য খোৱা। কিন্তু কেবল স্বাস্থ্যসন্মত খাদ্য খালেই আপুনি সুস্থ হৈ নাথাকিবও পাৰে ৷ শেহতীয়াকৈ ‘নেচনেল ইনষ্টিটিউট অৱ নিউট্ৰিচন’ৰ এক গৱেষণাত প্ৰকাশ পোৱা অনুসৰি আপুনি কি খাইছে তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল আপুনি ইয়াক কি ধৰণৰ বাচনত ৰান্ধিছে। এলুমিনিয়াম আৰু লোহাৰ পাত্ৰত ৰন্ধা-বঢ়া কৰাটো অচল হৈ পৰিছে। বৰঞ্চ ননষ্টিক বাচন-বৰ্তনে পাকঘৰত ঠাই লৈছে। বিভিন্ন ৰোগৰ আশংকা ই বৃদ্ধি কৰে। আৰু সেইবাবেই ‘প্ৰতিষ্ঠানটোৱে মাটিৰ পাত্ৰত ৰান্ধিবলৈ পৰামৰ্শ দিছে। মাটিৰ পাত্ৰত ৰন্ধা খাদ্যই শৰীৰ সুস্থ কৰে ।
ৰন্ধা-বঢ়া কৰাৰ পিছত বহু ক্ষেত্ৰত খাদ্যৰ স্বাস্থ্যৰ মান হেৰাই যায়। মাটিৰ পাত্ৰত ৰান্ধিলে সেই সম্ভাৱনা নাই। খাদ্যৰ স্বাস্থ্যসন্মততা বজাই ৰাখে। অৱশ্যে মাটিৰ পাত্ৰত ৰন্ধা আগতে কিছু কথা মনত ৰখাটো জৰুৰী। পাত্ৰটো গৰম পানীৰে অন্ততঃ ৮-১০ ঘণ্টা তিয়াই থ’ব। ইমান সময় পানীত তিয়াই ৰাখিলে পাত্ৰটোৱে পানী শোষণ কৰিব। তেতিয়া যিকোনো খাদ্য সিজোৱাত সুবিধা হয়। কেইবা ঘণ্টাৰ পাছত পাত্ৰটো পুনৰ জুইত ৰাখিব। পানী উতলিলে পেলাই দিব। পাত্ৰটো শুকানকৈ ৰাখিব। এতিয়া ৰন্ধা-বঢ়াৰ বাবে সাজু হৈছে। হাতত অলপ আটা লৈ পাত্ৰটো মাজি দিব ৷ পাত্ৰটো ভালদৰে ঘঁহিলে লাগি থকা মাটি আঁতৰি যাব ৷
মাটিৰ পাত্ৰত ৰন্ধা-বঢ়া কৰিলে কি কি লাভ হয়?
আটাইতকৈ ডাঙৰ কথাটো হ’ল ই যিকোনো খাদ্যৰ এচিডৰ পৰিমাণ হ্ৰাস কৰে। ইয়াৰ উপৰিও মাটিত কেলচিয়াম, মেগনেছিয়াম আৰু চালফাৰ থাকে। খাদ্যৰ লগতো ইয়াৰ সম্পৰ্ক আছে। ইয়াৰ বাহিৰেও এই ধৰণৰ পাত্ৰত ৰন্ধা-বঢ়া কৰোতে কম তেলৰ প্ৰয়োজন হয়।