অস্বাস্থ্যকৰ জীৱনশৈলী, অনিয়মিত খাদ্যাভ্যাস, ভজা খাদ্য খোৱাৰ প্ৰৱণতা – শৰীৰৰ প্ৰতি অৱহেলা কৰিলে বৃক্কত প্ৰভাৱ পৰে। সেইবাবেই ডাক্তৰে সাৱধান হ’বলৈ পৰামর্শ দিয়ে । শৰীৰৰ প্ৰয়োজন অনুযায়ী পানীৰ পৰিমাণ খাইছেনে নাই, কঁকালত বা তলপেটত কিবা বিষ হয় নেকি, প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা হয় নে নহয়,তেনে লক্ষণৰ পৰাই সাধাৰণতে কিডনীৰ সমস্যা আছে নে নাই জানিব পৰা যায় ৷ ২০২৩ চনত প্ৰকাশিত গৱেষণা পত্ৰ অনুসৰি বৰ্তমান দেশৰ যুৱক-যুৱতীসকলৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে বৃক্ক সম্পৰ্কীয়। ২০০৩ চনৰ পৰা ২০১৩ চনলৈ বৃক্কৰ ৰোগত মৃত্যুৰ হাৰ প্ৰায় ৫০ শতাংশ বৃদ্ধি পাইছে। ২০ৰ পৰা ৩০ বছৰ বয়সৰ লোক পুনৰ বৃক্কৰ পাথৰৰ সমস্যাত ভুগিছে।
কিয় বাঢ়িছে কিডনীৰ সমস্যা?
চিকিৎসকসকলে কয় যে মূলতঃ জীৱনশৈলীৰ ভয়াৱহ পৰিৱৰ্তনৰ বাবেই বৃক্ক সম্পৰ্কীয় জটিলতা বৃদ্ধি পাইছে। ইয়াৰ উপৰিও পৰ্যাপ্ত পৰিমাণৰ পানী নোখোৱা, প্ৰচেছড বা সংসাধিত খাদ্যৰ প্ৰতি প্ৰৱণতা আৰু ব্যায়ামৰ প্ৰতি অৱহেলা কৰা আদিয়েও এই সমস্যা বৃদ্ধি কৰিব পাৰে। কিন্তু বৃক্কত পাথৰ হোৱাৰ পাৰিবাৰিক ইতিহাস থাকিলেও পৰৱৰ্তী প্ৰজন্মলৈও সেই পাথৰ হ’ব পাৰে।
ইয়াৰ পৰা বচাৰ পথ কি?
নিয়মিতভাৱে ছাইট্ৰাছৰ দৰে ফল-মূল, সেউজীয়া শাক-পাচলি আৰু পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰিলে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব পাৰে। ইয়াৰ দ্বাৰা পুনৰ প্ৰস্ৰাৱৰ সংক্ৰমণৰ সম্ভাৱনাও নিয়ন্ত্ৰণ কৰিব পাৰি। কিন্তু মদ সদৃশ পানীয়ৰ লগত বৃক্কৰ পাথৰৰ সম্পৰ্ক আছে। গতিকে নিয়ন্ত্ৰণৰ বাহিৰলৈ নোযোৱাই ভাল। তদুপৰি শৰীৰৰ ওজন যাতে বৃদ্ধি নহয় তাৰ বাবে সাৱধানতা অৱলম্বন কৰিব লাগে।