ষ্টেট বেংকে গ্ৰাহকসকলৰ বাবে জাৰি কৰিছে এটি অতি জৰুৰী নিৰ্দেশনা । জাৰি কৰা নিৰ্দেশ অনুসৰি অনতিপলমে বেংকৰ গ্ৰাহকসকলে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক নকৰিলে সমস্যাত পৰিব পাৰে । এছ বি আই য়ে নিজৰ ৪৬ কোটি গ্ৰাহকক অতি শীঘ্ৰেই পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাই লবলৈ আহ্বান জনাইছে । নিৰ্ধাৰিত সময়ৰ ভিতৰত এই কাম নকৰিলে গ্ৰাহকৰ বেংক পৰিসেৱা বন্ধ কৰি দিয়া হ’ব বুলি জনাইছে ভাৰতৰ সৰ্ববৃ্হৎ বেংকটোৱে।
চৰকাৰৰ ফালৰ পৰা পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰোৱাতো বাধ্যতামূলক কৰি দিয়া হৈছে । বৰ্তমান এই কাৰ্য কৰাৰ শেষ তাৰিখ হৈছে ৩০ ছেপ্তেম্বৰ। এই ক্ষেত্ৰত ষ্টেট বেংকৰ তৰফৰ পৰা একাধিকবাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাৰ বাবে গ্ৰাহকসকলক আবেদন জনোৱা হৈছে ।
উল্লেখ্য যে ষ্টেট বেংকৰ তৰফৰ পৰা বহু দিন আগতেই টুইটাৰ যোগে জনোৱা হৈছিল যে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাতো নিতান্তই জৰুৰী । এই কাৰ্ড দুখন লিংক নকৰিলে বেংক একাউন্ট নিষ্ক্ৰিয় হৈ পৰিব পাৰে । ফলত গ্ৰাহকৰ লেনদেনৰ সময়ত সমস্যাৰ সৃষ্টি হ’ব পাৰে । ইয়াৰ লগতে বেংকৰ তৰফৰ পৰা এই কথাও জনোৱা হৈছে যে পেন আৰু আধাৰ লিংক নকৰালে সমস্ত বেংকিং পৰিসেৱা বন্ধও হৈ যাব পাৰে ।
পেন আৰু আধাৰ কাৰ্ড লিংক কৰাৰ দুটা উপায় আছে –
- প্ৰথম উপায় হৈছে – এছ এম এছ মাধ্যমৰ জৰিয়তে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব পাৰি ।
- দ্বিতীয় উপায় হৈছে আয়কৰ (ইনকাম টেক্স)ৰ ৱেবচাইটত গৈ তাৰ জৰিয়তেও কাৰ্ড দুখন লিংক কৰিব পৰা যায়।
- এছ এম এছৰ মাধ্যমেৰে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিবলৈ হ’লে UIDPAN < স্পেছ > ১২ টা সংখ্যাৰ আধাৰ নম্বৰ < স্পেছ > ১০ টা সংখ্যাৰ পেন নম্বৰ ৫৬৭৬৭৮ বা ৫৬১৬১ নম্বৰলৈ SMS কৰিব লাগিব।ইয়াৰ পাচতেই পেন আৰু আধাৰ কাৰ্ড লিংক হৈ যাব।
- আনহাতে ইনকাম টেক্সৰ ৱেবচাইটত গৈয়ো তাত দিয়া নিৰ্দেশাৱলী অনুসৰি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব পৰা যায় ।