মানুহৰ সংজ্ঞা বিচাৰি হাবাথুৰি খোৱা সময়তে নিজকে এগৰাকী সফল ফটো সাংবাদিক ৰূপে প্ৰতিষ্ঠা কৰা ভাৰতৰ প্ৰথম গৰাকী তৃতীয় লিংগৰ ফটো সাংবাদিক জয়া থমাছ লোবো।
মাত্ৰ ১১ বছৰ বয়সত নিজক আনতকৈ পৃথক বুলি অনুভৱ কৰা জয়াই নিজক বিছাৰি আৰম্ভ কৰিছিল অন্য এক যাত্ৰা…
জয়াৰ বাবে এই যাত্ৰা সহজ নাছিল । শৈশৱৰ কালছোৱা মুম্বাইৰ কাগ্ৰা বজাৰ অঞ্চলত অতিবাহিত কৰা জয়াই ভিক্ষা বৃত্তিৰে পৰিয়াল পোঁহপাল দিছিল।
পিছত ২০১৮ চনত”হিজৰা শাপ কি বৰ্দান”( পাৰ্ট -১ )শীৰ্ষক ইউ টিউৱ চিৰিজত কাম কৰাৰ সুযোগ পায়।এই সুযোগৰ পূৰ্ণ সদব্যৱহাৰ কৰা জয়াই অৱশেষত দুৰ্দান্ত অভিনয়ৰে কেইবাটাও বঁটা আজুৰি আনিবলৈ সক্ষম হ‘য়।
সমান্তৰালকৈ জয়াই এটা সংবাদ প্ৰতিষ্ঠানতো এগৰাকী সংবাদকৰ্মী হিচাপে যোগদান কৰিছিল। সৰুৰে পৰা ফটোগ্ৰাফীৰ প্ৰতি ৰাপ থকা জয়াই দিব্যকান্ত চোলাংকিৰ পৰা খুব কম সময়তে ফটোগ্ৰাফীৰ কৌশল আয়ক্ত কৰিছিল।
ফটোগ্ৰাফীৰ পৰা উপাৰ্জন কৰা মাত্ৰ ৩০ হাজাৰ টকাৰে প্ৰথম অৱস্থাত এটা ছেকেণ্ড হেণ্ড কেমেৰা ক্ৰয় কৰে। এনেকৈয়ে ফটো সাংবাদিকৰ জগত খনত অন্য এক খোজ পেলায়।
ক্ৰমে ২০২০ চনৰ এপ্ৰিল মাহত মুম্বাই বান্দ্ৰাত হোৱা প্ৰব্ৰজিত শ্ৰমিকৰ প্ৰতিবাদৰ ফটো তুলি বিশেষ স্বীকৃতি লাভ কৰে।এই স্বীকৃতিয়ে জয়াক ভাৰতৰ প্ৰথম গৰাকী তৃতীয় লিংগৰ ফটো সাংবাদিক ৰূপে প্ৰতিষ্ঠা কৰি সমাজত এক বিশেষ স্থান দিয়ে।