অৱশেষত এটা ভাল খবৰে স্বত্বিৰ নিশ্বাস কঢ়িয়াই আনিছে বিশ্ববাসীৰ মাজত।হয়তো অতি সোনকালে শেষ হ’ব কোৰোনা আতংকৰ দিন। ক্ৰমশঃ হেৰুৱাবলৈ আৰম্ভ কৰিছে কোৰোনা ভাইৰাছে প্ৰানঘাতী ক্ষমতা।
অক্সফ’ৰ্ড এষ্ট্ৰা জেনেকাৰ গৱেষক সকলে দাবী কৰা মতে ক্ৰমাৎ কোৰোনা ভাইৰাছে হেৰুৱাইছে প্ৰাণনাশৰ ক্ষমতা।সাধাৰণ পানীলগা,জ্বৰ-কাহৰ দৰে হৈ পৰিব এই ভাইৰাছ।
পুনৰ প্ৰাণঘাতী হৈ পৰাৰ শক্তিও নাথাকিব বুলি দাবী কৰিছে এই গৱেষকৰ দলটোৱে।ডেইলী মেইলত প্ৰকাশিত এক প্ৰতিবেদনত কোৰোনা প্ৰতিষেধক উদ্ভাৱন কৰা গৱেষক-অধ্যাপক ডেম ছাৰা গিলবাৰ্টে কোৰোনা ভাইৰাছৰ সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। যি তথ্যই এতিয়া আশ্বস্ত কৰিছে সমগ্ৰ বিশ্ববাসীক।
গৱেষকজনে প্ৰকাশ কৰা অনুসৰি কোৰোনাৰ নতুন কোনো মাৰাত্মক প্ৰকাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰায় নাই।ৰয়েল ছ’চাইটি অৱ মেডিচিনৰ এক সভাত অংশ লৈ গৱেষক জনে কয় যে ছাৰ্ছ-ক’ভ-২ ভাইৰাছৰ নতুনকৈ কোনো বিপজ্জনক প্ৰকাৰ সৃষ্টি কৰাৰ ক্ষমতা নাইকীয়া হৈছে।
ই এক সংক্ৰমক ভাইৰাছ হিচাপেই থাকি যাব।অৱশ্যে এই ভাইৰাছ সাধাৰণ ভাইৰাছ হ’বলৈ কিমান সময় লাগিব সেই বিষয়ে স্পষ্টকৈ কোৱা নাই বিশিষ্ট গৱেষকজনে।যিহেতু অনাগত সময়ত কিদৰে কোৰোনা ভাইৰাছ প্ৰতিৰোধ কৰা হ’ব,তাৰ ওপৰতে এই অতিমাৰী আশংকা নাইকীয়া হোৱাটো নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰে।