পুষ্টিকৰ উপাদান সমৃদ্ধ স্বাস্থ্যকৰ খাদ্যাভ্যাসে ওজন কমাবলৈ সহায় কৰে। ইয়াৰ লগতে পুৱা যদি একাপ বিশেষ আদাৰ পানীয় খাব পাৰি তেন্তে ই বেছি খৰতকীয়া হৈ পৰে ৷
ওজন কমোৱাত আদাৰ গুৰুত্ব
আদাই বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে। বিপাকীয় ক্ৰিয়া বৃদ্ধি হোৱাৰ অৰ্থ হ’ল দ্ৰুত কেলৰি হ্ৰাস, যিয়ে আচলতে ওজন হ্ৰাস কৰাত সহায় কৰে। এই পুষ্টিকৰ উপাদানসমূহে খাদ্য হজমতো সহায় কৰে, যাৰ ফলত পেট ফুলাৰ দৰে সমস্যা কম হয়।
আদাৰ পানী কেনেকৈ আৰু কেতিয়া খাব?
একাপ কুহুমীয়া পানীত কিছু আদা থেতেলিয়াই সেই পানী ১০ মিনিট উতলাই ল’ব । উতলা পানী অলপ ঠাণ্ডা হ’লে তাত নেমুৰ ৰস আৰু এচামুচ মৌ মিহলাই বিশেষ পানীয় প্ৰস্তুত কৰিব লাগে ৷ এই পানীয়ই ওজন সোনকালে হ্ৰাস কৰিব।
প্ৰতিদিনে পুৱা খালী পেটত এই আদাৰ সামান্য গৰম পানীয় পান কৰিলে শৰীৰে যথেষ্ট উপকাৰ লাভ কৰে ৷ দিনটোৰ ভিতৰত একাধিকবাৰ খাব পাৰে এই পানীয় । ওজন কমাবলৈও নেমুৰ ৰসৰ বিশেষ ভূমিকা আছে।
আদা-পানীয়ৰ আন এক গুণ
ই কেৱল বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাই নহয় আৰু ওজন হ্ৰাস কৰাত সহায় কৰে ৷ এই পানীয়ই হজম শক্তিও বৃদ্ধি কৰে, বমি, পেট ফুলা বা পেটৰ অস্বস্তি হ্ৰাস কৰে। এন্টি অক্সিডেন্টেও ৰোগ প্ৰতিৰোধত সহায় কৰে। এই আদাৰ পানীয় কাহ কমোৱাতো উপযোগী।
কিমান পান কৰিব লাগে?
আদাৰ পানীয় উপকাৰী হ’ল বুলিয়েই ইয়াক গোটেই দিনটো বাৰে বাৰে সেৱন কৰিব নোৱাৰি। দিনটোত অতি বেছি হ’লেও ২ বাৰ এই পানীয় সেৱন কৰিব পাৰে । কাৰণ কোনো সামগ্ৰীয়েই অতিৰিক্তভাৱে খাব নালাগে। অত্যধিক আদা সেৱন কৰিলে শৰীৰ অতিমাত্ৰা গৰম হব পাৰে। বুকু জ্বলা-পোৰা কৰাৰ লগতে পেটৰ অস্বস্তি হব পাৰে।