গৰমৰ দিনত তিতা খোৱাটো প্ৰয়োজনীয়। চিকিৎসকে দৈনিক নহ’লেও সপ্তাহত কমেও চাৰিদিন তিতা খাব লাগে বুলি পৰামর্শ দিয়ে । তিতাৰ আছে বহু গুণ ৷ তিতা হিচাপে তিতাকেৰেলা, নিমপাত,মৰাপাটৰ পাত আদি খোৱা হয় ৷ তিতা খালে কি কি উপকাৰ লাভ কৰিব পাৰে ? তিতাত বিভিন্ন ভিটামিন থাকে। ইয়াৰ উপৰিও বিভিন্ন প্ৰকাৰৰ এন্টি অক্সিডেন্ট আছে। ইয়াৰ উপৰিও নিমৰ পাতৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে। আইৰণোআছে।
কিন্তু গৰমত কিয় খাব লাগে?
গৰমৰ দিনত অসুস্থ হোৱাৰ আশংকা থাকে। এই সময়ত ৰোগ সৃষ্টিকাৰী জীৱাণুৰ শক্তি বৃদ্দজি হৈ পৰে। তিতা খাদ্যই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। তিতা খোৱাৰ মূল কাৰণ সেইটোৱেই। যদি প্ৰতিদিনে আহাৰৰ লগত সামান্য তিতা খালেও শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহু পৰিমাণে বৃদ্ধি পায়।