ওজন কমোৱা ইমান সহজ কথা নহয়। কাৰণ ওজন কমাবলৈ হ’লে ব্যায়াম , ডায়েট আৰু কিছু ঘৰুৱা প্ৰতিকাৰ ল’ব লগা হয়। ওজন কমাবলৈ কিছুমান খোৱা খাদ্য এৰি দিব লগীয়া হয় আৰু ব্যায়াম কৰি শৰীৰৰ পৰা ঘাম বাহিৰ উলিয়াব লগা হয়। ইয়াৰ উপৰিও জানিলে আচৰিত হ’ব যে -শুই থাকিও ওজন কমাব পাৰি কিন্তু কেনেকৈ জানো আহক—–
১) খাদ্য গ্ৰহণ কৰাৰ কেইঘণ্টামান পিছত টোপনি যাওঁক—
খাদ্য গ্ৰহণ কৰাৰ পিছতে টোপনি যোৱা উচিত নহয়। আহাৰ খোৱাৰ পিছতে টোপনি গ’লে হজম প্ৰক্ৰিয়া ধীৰ গতিত হ’বলৈ ধৰে , যাৰ ফলত শৰীৰৰ ওজন বাঢ়িবলৈ ধৰে। টোপনি যোৱাৰ ৪ ঘণ্টামান আগতে খাদ্য গ্ৰহণ কৰা উচিত। ইয়াৰ উপৰিও আহাৰ খোৱাৰ পিছত খোজ কঢ়া শৰীৰৰ বাবে উপকাৰী।
২) টোপনি যোৱাৰ আগতে গ্ৰীণ’টি খাব পাৰে—
গ্ৰীণ’টি পান কৰিলে ওজন কমে বুলি জানিব পৰা যায়। গ্ৰীণ’টিত ফ্ল্যাভোনয়েড নামক উপাদান আছে যিটোৱে খাদ্য হজম হোৱাত সহায়ক হয়। টোপনি যোৱাৰ আগতে গ্ৰীণ’টি পান কৰিলে মেটাবলিজম বাঢ়ে আৰু ওজন কমিব পাৰে।