যিসকল খাদ্যৰসিক লোক আছে তেঁওলোকে হয়তো বুজি পাব যে এই পৃথিৱীত নিতৌ ন ন প্ৰকাৰৰ খাদ্যৰ উদ্ভাৱন হৈ থাকে। বহুতো লোকে বিভিন্ন ধৰণৰ খাদ্য খাই ভাল পোৱাৰ লগতে ৰান্ধি-বাঢ়িও ভাল পায়। দৈনদ্দিন জীৱনত খাই থকা খাদ্যৰ বাহিৰেও কিছুমান এনে খাদ্য আছে যিবোৰ ৰন্ধাৰ ক্ষেত্ৰত জড়িত হৈ থাকে বহুতো কষ্ট।
কিন্তু এই পৃথিৱীতে কিছুমান মানুহে কিছুমান আচৰিত ধৰণৰ খাদ্যও ৰান্ধি-বাঢ়ি খায়। আচৰিত হ’লেও সঁচা যে ২০২০ চনত কৰ’না মহামাৰীৰ বাবে প্ৰায়ভাগ লোকে ঘৰতে সোমাই থকাৰ বাবে বহুতো নতুন নতুন বস্তুৰ উদ্ভাৱনো হ’ল। লোকসকলে ঘৰৰ ভিতৰতে সোমাই নাথাকি খাদ্যই হঁওক বাবে অন্য বহুতো ক্ষেত্ৰত ন ন বস্তু বনাবলৈ শিকিলে।
কলিকতাত এই সময়তেই উদ্ভাৱন হ’ল কৰ’না চন্দেশ আৰু গুজৰাটত উদ্ভাৱন হ’ল আইচ-ক্ৰীম বড়া পাৱ। আমোদজনক কথাটো হ’ল যে দিল্লীৰ কেফে হাউচফুল (Cafe Housefull) ত পোৱা যায় মেগী বিয়েৰ (Maggi Beer) । অলপ বেলেগ ধৰণৰ খাদ্য খাব বিচৰা লোকৰ বাবে ঠাণ্ডা দিনত এই কেফেত পোৱা মেগী বিয়েৰ অতি আমোদজনক এক খাদ্য হিচাপে পৰিগণিত হ’ব।
বৰ্তমান সময়ত মেগী বিয়েৰৰ এই খাদ্য গ্ৰাহকৰ মাজত জনপ্ৰিয় হৈ পৰিছে। কিন্তু আমোদজনক কথাটো হ’ল যে এই খাদ্যত বিয়েৰ একেবাৰেই নাথাকে। দৰাচলতে বিয়েৰ খোৱা গিলাচত পৰিবেশন কৰা হয় এই মচলাযুক্ত মেগী । সেইবাবেই এই খাদ্যৰ নাম দিয়া হৈছে মেগী বিয়েৰ।
যিসময়ত এই সুকীয়া মেগীৰ পৰিবেশন শৈলীক বহুতো লোকে আদৰি লৈছে , সেইসময়তে কিছুসংখ্যক লোকৰ মতে কেৱল গ্ৰাহকক আকৰ্ষণ কৰিবৰ বাবেহে নামটো সলনি কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰিছে কেফেখনে। তথাপিতো বিভিন্ন ধৰণৰ খাদ্য খাই ভাল পোৱা লোকসকৰ বাবে এই মেগী বিয়েৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে।