পৃথিৱীত জীয়াই থাকিবৰ বাবে অক্সিজেন হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান। ইয়াৰ অবিহনে জীৱ-জন্তু অথবা মানুহ কোনো জীয়াই থাকিব নোৱাৰে। শৰীৰত কোনো কাৰণত অক্সিজেনৰ মাত্ৰা কমি গ’লে জীৱ মৃত্যু মুখতো পৰিব পাৰে।কিন্তু অবিশ্বাস্য হ’লেও সত্য যে পৃথিৱীত এনে এক জীৱ আছে যাক জীয়াই থাকিবৰ বাবে অক্সিজেনৰ প্ৰয়োজন নহয়।
অক্সিজেনৰ অবিহনে জীয়াই থকা এই জীৱবিধৰ নাম হৈছে হেন্নেগোয়া ছেলমিনিকলা (Henneguya salminicola)। পৃথিৱীত থকা এই জীৱবিধেই একমাত্ৰ জীৱ যিয়ে অক্সিজেন নোহোৱাকৈ অৰ্থাৎ উশাহ-নিশাহ নোলোৱাকৈ জীয়াই থাকিব পাৰে।
বহুতো পৰজীৱি জীৱৰ ক্ষেত্ৰত দেখা যায় যে জীয়াই থাকিবৰ বাবে কিছুমান অন্য বীজাণুৱে পৰজীৱি জীৱটোক সহায় কৰে। এক গৱেষণাৰ মতে এই হেন্নেগোয়া ছেলমিনিকলা নামৰ জীৱবিধক মাছৰ কোষসমূহত এৰি দিয়াৰ পাচত দেখা পোৱা গৈছিল যে এই পৰজীৱি জীৱবিধক জীয়াই থাকিবৰ বাবে উশাহ-নিশাহৰ প্ৰয়োজন নাই।
পৰজীৱি জীৱসমূহে আন জীৱৰ শৰীৰত জীয়াই থাকিবৰ বাবে কিছুমান কঠিন জৈৱিক প্ৰক্ৰিয়াৰ মাজেৰে যাব লগীয়া হয় য‘ত অক্সিজেন অতি প্ৰয়োজন।কিন্তু এনেক্ষেত্ৰত ছেলমিনিকলা নামৰ জীৱবিধে অক্সিজেন নোলোৱাকৈ আন জীৱৰ দেহত জীয়াই থকা কাৰ্যটো অতি আকৰ্ষণীয় বিষয়।
আনহাতে প্ৰত্যেক জীৱৰ ক্ষেত্ৰত উশাহ-নিশাহ ল’বৰ বাবে কিছুমান যন্ত্ৰ থাকে। কিন্তু উক্ত পৰজীৱি জীৱ বিধত তেনে কোনো যন্ত্ৰৰ অৱস্থিতি নাই।গৱেষণাৰ দ্বাৰা গম পোৱা গৈছে যে এই জীৱবিধৰ ভিতৰত জীৱ সম্বন্ধীয় কোনো কোষ নাই। ফলত জীৱবিধে উশাহ লোৱাৰো কোনো প্ৰয়োজনীয়তা আহি নপৰে।আমোদজনক কথা এই যে হেন্নেগোয়া ছেলমিনিকলা (H. salminicola) নামৰ জীৱৰ দৰে আন কিছুমান পৰজীৱি জীৱই কিন্তু অক্সিজেন গ্ৰহণ কৰে। কেৱল এই নিৰ্দিষ্ট জীৱবিধেহে জীয়াই থাকিব পাৰে অক্সিজেনৰ অবিহনে।