ৰাজস্থানৰ নাগাউৰ নামৰ ঠাইৰ এজন বিশেষ লোক । ৪২ বছৰ বয়সীয়া এই লোকজনৰ নাম পুৰ্খাৰাম । লোকজনৰ বিশেষত্ব হৈছে যে বছৰৰ ৩৬৫ টা দিনৰ ৩০০ টা দিনেই তেঁও নিদ্ৰামগ্ন হৈ থাকে। এই লোকজনে দিনটোত ১৫ ঘন্টাতকৈ অধিক সময় শুইয়ে কটায়।এইদৰে মাহটোত প্ৰায় ২৫ দিন কেৱল শুই থাকিব পাৰে এই ব্যক্তিগৰাকীয়ে ।
সাধৰণতে এগৰাকী ব্যক্তিয়ে সুস্থ হৈ থাকিবৰ বাবে দিনটোৰ ২৪ ঘন্টাৰ ভিতৰত ৬ বা ৮ ঘন্টা শুব লাগে। তাতকৈ বেছি বা কমকৈ শুলে বিভিন্নধৰণৰ শাৰীৰিক বিসংগতিয়ে দেখা দিয়ে।দৰাচলতে পুৰ্খাৰাম নামৰ এই লোকজন অনবৰতে টোপনিৰ জালত থকাটো তেঁওৰ এটা অসুখ ।
উল্লেখযোগ্য যে এই লোকজন এইচ পি এ এক্সিছ হাইপাৰছোমনীয়া নামৰ এক জটিল ৰোগত আক্ৰান্ত।এই ৰোগবিধক শ্লীপ ডিছঅৰ্ডাৰ বুলি কোৱা হয়।প্ৰায় ২৩ বছৰ পূৰ্বে তেঁও এই ৰোগত আক্ৰান্ত হৈছিল।এই ৰোগৰ বাবেই এবাৰ শুলে ২৫ দিন পৰ্যন্ত সাৰ নাপায় লোকজনে ।
পুৰ্খাৰামে নিজৰ গাঁওত এখন দোকান দি জীৱিকা নিৰ্বাহ কৰে।কিন্তু শুই থকা এই ৰোগটোৰ বাবেই তেঁও মাহত মাত্ৰ ৫ দিনহে দোকান খোলা ৰাখিবলৈ সক্ষম হয়।আনহাতে দীঘলীয়া সময় শুৱাৰ পাচত সামান্য কাম কৰাৰ লগে লগে তেঁও ভাগৰুৱা অনুভৱ কৰে আৰু মূৰৰ বিষত আক্ৰান্ত হয়।ফলত পুনৰ শুই পৰিবলগীয়া অৱস্থা আহি পৰে লোকজনৰ।
উল্লেখ্য যে নিদ্ৰাৰত অৱস্থাতেই লোকজনৰ খোৱা-বোৱা আৰু অন্য যাৱতীয় কাম কাজবোৰ চলি থাকে।এই ক্ষেত্ৰত তেঁওৰ পত্নী লিছমি দেৱী আৰু মাতৃ কানৱাৰী দেৱীয়ে তেঁওৰ পৰিচৰ্যা কৰে।অনবৰতে নিদ্ৰামগ্ন হৈ থকাৰ বাবে গাঁৱৰ লোকসকলে এই ব্যক্তিজনক কুম্ভকৰ্ণ আখ্যা দিছে ।