ডুবাইৰ আভিজাত্য “Bombay Borough” নামৰ ৰেষ্টোৰাঁখনলৈ গ’লে খাবলৈ পাব বিশ্বৰ আটাইতকৈ দামী বিৰিয়ানিবিধ । বিভিন্ন সুস্বাদু ব্যঞ্জনেৰে পৰিপূৰ্ণ বিৰিয়ানীৰ এই থালখনৰ দাম ১০০০ আৰব অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত ২০,০০০ টকাতকৈ অধিক। ডুবাইত বসবাস কৰা লোকসকলৰ মতে এই বিৰিয়ানীৰ থালখন আল্লাদিনৰ চাকিটোতকৈ কোনো গুণে কম নহয়।
ব্ৰিটিছৰ দিনৰ এই ভাৰতীয় ৰেষ্টোৰাঁখন আছে ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় বিত্তীয় কেন্দ্ৰৰ (Dubai International Financial Centre-DIFC) ভিতৰত। আচৰিত যেন লাগিলেও সঁচা যে উক্ত ৰেষ্টোৰাঁখনত পোৱা বিৰিয়ানিত প্ৰায় ২৩ কেৰেট খোৱা সোণ পোৱা যায়। এই বিৰিয়ানিৰ থালখনৰ নামাকৰণো কৰা হৈছে “Royal Gold Biryani” হিচাপে ।
উল্লেখ্য যে ৰেষ্টোৰাঁখনত এই সোণেৰে সজোৱা বিৰিয়ানিৰ মুঠ চাৰি প্ৰকাৰৰ বিৰিয়ানি পোৱা যায় । এই থালখনত বিৰিয়ানিৰ লগতে থাকে খাই শেষ কৰিব নোৱাৰকৈ অত্যধিক কাবাব। ৰাজপুট চিকেন কাবাব ইয়াৰ ভিতৰত উল্লেখযোগ্য। আনহাতে মুৰ্গ চ’লা , মাটন চপচ , মোগলাই ক’ফটা , মালাই চিকেন ৰষ্ট আদিও থকে বিৰিয়ানিৰ প্লেটখনত। ইয়াৰ উপৰিও মুখত দিলেই পমি যোৱা কাশ্মিৰী ৰান ছিখ কাবাব এই থালিৰ আটাইতকৈ আকৰ্ষণীয় খাদ্য।