বৰ্তমান সময়ত বৃহৎ পৰিয়ালৰ ধাৰণা প্ৰায় লুপ্ত হৈছে। আজিকালি কোনো অভিভাৱকে খুব বেছি দুটা সন্তানেৰে নিজৰ এটা সুখী পৰিয়াল বিচাৰে। আনহাতে বৰ্তমানৰ যুগত বেছিকৈ সন্তান হ’লে লালন পালন কৰিবলৈও অসুবিধা হয়।
কিন্তু আচৰিত যেন লাগিলেও সঁচা যে মেক্সিক’ ৰ এগৰাকী ৩৭ বছৰীয়া মহিলাই এতিয়ালৈকে জন্ম দিছে ১১ টা সন্তান। আনহাতে আহিবলগীয়া ১২ নম্বৰ সন্তানটিৰ সৈতে বৰ্তমানেও সন্তান সম্ভৱা হৈ আছে মহিলা গৰাকী।
উল্লেখ্য যে যোৱা কিছু বছৰ ধৰি এবছৰত এটিকৈ সন্তান জন্ম দিছে মহিলাগৰাকীয়ে। ক’ৰ্টনি নামৰ এই মহিলাগৰাকীয়ে জনোৱা মতে গৰ্ভাৱস্থাত তেঁও সদায় সুখী য়ে অনুভৱ কৰে। তেঁও শাৰীৰিক ভাৱে কেতিয়াও কোনো ধৰণৰ দুৰ্বলতা বা বিষ অনুভৱ কৰা নাই। গৰ্ভাৱস্থাত বহুতৰে বিভিন্ন ধৰণৰ সমস্যা হোৱা দেখা যায় , কিন্তু এই মহিলাগৰাকীয়ে জনোৱা মতে তেঁওৰ শৰীৰটোৱে সন্তান ধাৰণ কৰি থকা সময়খিনিত কোনো ধৰণৰ অসুবিধা পোৱা নাই।
সকলোতকৈ আমোদজনক বিষয়টো হ’ল যে উক্ত পৰিয়ালটোত সকলোৰে নাম “C” আখৰেৰে আৰম্ভ হৈছে। দৰাচলতে ক’ৰ্টনি আৰু তেঁওৰ স্বামী ক্ৰীছ ৰ’জাৰ ৰ নাম ”C” আখৰেৰে আৰম্ভ হোৱাৰ বাবেই সন্তানকেইটিৰ নামো তেঁওলোকে ৰাখিছে “C” আখৰেৰে। বৰ্তমান এই দম্পত্তিহালৰ ৬ টি ল’ৰা সন্তান আৰু ৫ জনী ছোৱালী সন্তান আছে। আহিবলগীয়া সন্তানটি তেঁওলোকে ছোৱালী হোৱাটো বিচাৰে । কাৰণ তেতিয়া তেঁওলোকৰ পৰিয়ালৰ ল’ৰা আৰু ছোৱালী সমান সংখ্যক হিচাপে থাকিব।
উল্লেখ্য যে উক্ত পৰিয়ালটি ডাঙৰ হোৱাৰ বাবে তেঁওলোকৰ আসুবিধাও নোহোৱা নহয়। তেঁওলোকে ক’ৰ’বালৈ যাবলৈ হ’লে ১৫ জন লোকে যাত্ৰা কৰিব পৰা গাড়ী ল’বলগীয়া হয়। আনহাতে হোটেলতো বুক কৰিব লগীয়া হয় কেইবাটাও ৰূম। এই পৰিয়ালটোৰ ঘৰত ৭ টা শোৱনি কোঠা আৰু ৪ টা বাথৰূম থকাৰ পাচতো যথেষ্ট অসুবিধাৰ সন্মুখিন হ’বলগীয়া হয় বুলি জনাইছে দম্পত্তি হালে।
বৰ্তমান সময়ত অধিক সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত ক’ৰ্টনিয়েই একমাত্ৰ মহিলা। কিন্তু পূৰ্বতে ২০ তকৈও অধিক সন্তান জন্ম দিয়া মহিলাও আছিল। উল্লেখ্য যে ভেলেন্টিনা নামৰ এগৰাকী মহিলাই ৬৯ টা সন্তান জন্ম দিছিল বুলি জানিব পৰা গৈছে।