অসমৰ সাহিত্য আৰু সমাজ জীৱনৰ এক উজ্জ্বল ব্যক্তিত্ব ড° অনিমা গুহৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে অসম মহিলা সংঘ, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি আৰু সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই।
গুৱাহাটী প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে আয়োজিত অনুষ্ঠানত এই তিনিটা মহিলা সংগঠনে ড° গুহৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। সংগঠন কেইটাই তেখেতৰ পুত্ৰ, বোৱাৰী আৰু দুয়োগৰাকী নাতিৰ লগতে সকলো আত্মীয় আৰু গুণমুগ্ধসকলকো সমবেদনা জ্ঞাপন কৰে।
অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনপ্ৰাপ্ত তথা অসংখ্য বঁটাৰে সন্মানিত ড° গুহ আছিল অসমৰ নাৰী মুক্তি আন্দোলনৰ অন্যতম বাটকটীয়া।
নাৰী নিৰ্যাতন, নাৰী শিক্ষা, নাৰী সৱলীকৰণ আদি বিষয়ক লৈ বিভিন্ন কাকত আলোচনীত লেখা মেলা কৰাৰ লগতে নাৰী আৰু শিশু নিৰ্যাতন বিৰোধী আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল তেখেতে।
অন্ধবিশ্বাস, কুসংস্কাৰ, ধৰ্মীয় আৰু সাম্প্ৰদায়িক উন্মাদনৰ বিৰুদ্ধে সদা জাগ্ৰত প্ৰয়াত গুহ আছিল এগৰাকী প্রকৃত যুক্তিবাদী আৰু মানৱতাবাদী নাৰী।
ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে তেখেতে মৰণোত্তৰ দেহদান কৰাৰ লগতে চকুযুৰি অন্ধ লোকৰ বাবে শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ত দান কৰি গৈছে।
এইগৰাকী মহান নাৰীৰ স্মৃতিত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নাৰী সংগঠন তিনিটাৰ নেত্ৰীবৰ্গই প্ৰয়াত অনিমা গুহৰ জীৱন বৃত্তান্ত বৰ্ণনা কৰে।
তেখেতৰ জীৱনৰ বিশাল কৰ্মৰাজিৰে ভৱিষ্যত প্ৰজন্ম সদায় অনুপ্ৰাণিত হৈ থাকিব বুলি নাৰী সংগঠন তিনিটাৰ কৰ্মকৰ্তা সকল আশাবাদী।