আজিকালি সকলো বয়সৰ লোকে থাইৰয়ডৰ সমস্যাত ভোগা দেখা যায়। পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত সৰ্বাধিক হোৱা এই থাইৰয়ড কেতিয়াবা আত্মঘাতীও হৈ পৰিব পাৰে।যাৰবাবে থাইৰয়ডক “নীৰৱ ঘাটক“ বুলিও কোৱা হ‘য়।
ব্যস্ততাপূৰ্ণ জীৱনশৈলীত সঠিক সময়ত খোৱা-বোৱা ক্ষেত্ৰত ধ্যান নিদিয়াৰ ফলত মানুহৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে। ইয়াৰ ভিতৰত থাইৰয়ডো সাধাৰণ এক ৰোগ হৈ পৰিছে। থাইৰয়ড হোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে।
(১) বংশগতভাৱে এই থাইৰয়ড আহিব পাৰে।
(২) শৰীৰত আয়ডিনৰ অভাৱ হলে থাইৰয়ড হ‘ব পাৰে।
(৩)ৰশ্মি থেৰাপী ললেও থাইৰয়ড হ‘ব পাৰে।
(৪)অত্যাধিক মানসিক চাপ থাকিলে থাইৰয়ড হ‘ব পাৰে।
(৫) গৰ্ভধাৰণৰ বাবেও থাইৰয়ড হ‘ব পাৰে।
(৬)ঋতুস্ৰাৱৰ বাবেও থাইৰয়ড হ‘ব পাৰে।
(৭) অত্যাধিক ঔষধ সেৱন কৰাৰ ফলতো থাইৰয়ড হ‘ব পাৰে।
থাইৰয়ড হৈছে ডিঙিৰ এক গ্ৰন্থি। যি মানুহৰ শৰীৰত ৰাসায়নিক প্ৰক্ৰিয়াক নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ থাইৰয়ডে আমি খোৱা আহাৰ সমূহ শক্তিলৈ ৰূপান্তৰিত কৰে। ই শৰীৰৰ হৃদযন্ত্ৰ,মাংসপেশী,হাড় আৰু কলেষ্ট্ৰৰল প্ৰভাৱিত কৰে। থাইৰয়ড হলে আমি কেনেকৈ গম পাম?
(১) যিহেতু থাইৰয়ডৰ হৰমনে শক্তি নিয়ন্ত্ৰণ কৰে ।ফলত থাইৰয়ডৰ তাৰতম্য হ‘লে স্বাভাৱিকতে মানুহৰ শৰীৰটো অত্যাধিক দুৰ্বল অনুভৱ কৰে।
(২) থাইৰয়ড হলে মানুহৰ ওজন বৃদ্ধি পায়।যদি আপোনাৰ শৰীৰত কোনো কাৰণ নোহোৱাকৈ অত্যাধিক ওজন বৃদ্ধি পাইছে , তেন্তে ই থাইৰয়ডৰ লক্ষণ হ‘ব পাৰে।যিহেতু থাইৰয়ডৰ স্তৰ কম হলে মানুহৰ শৰীৰৰ ৰাসায়নিক প্ৰক্ৰিয়া বন্ধ হৈ পৰাৰ বাবে কেলৰি হ্ৰাস নহয় আৰু দ্ৰুত গতিত শৰীৰৰ ওজন বৃদ্ধি পায়।
(৩) কোনো কাৰণ নোহোৱাকৈ দ্ৰুতগতিত চুলি সৰাও থাইৰয়ডৰ লক্ষণ হ‘ব পাৰে।যিহেতু থাইৰয়ডৰ পৰিমাণ কম-বেছি হলে মানুহৰ হৰমনৰো তাৰতম্য হ‘য় আৰু চুলি সৰা আৰম্ভ হ‘য়।
(৪) নিম্ন থাইৰয়ড হলে মানুহৰ ৰাসায়নিক প্ৰক্ৰিয়া কমি আহে।ফলত শৰীৰে শক্তি প্ৰস্তুত কৰিব নোৱাৰে আৰু পেশীসদৃশ কোষবোৰ নষ্ট হৈ যায়।লগতে বদহজম হলে পেশীৰ শক্তি হ্ৰাস পায় । ফলত পেশী আৰু গাঁঠি দুৰ্বল হৈ বিষ হ‘য়।
(৫) অত্যাধিক মানসিক চাপো থাইৰয়ডৰ লক্ষণ হ‘ব পাৰে।কাৰণ থাইৰয়ডৰ এটা প্ৰধান লক্ষণ হৈছে যে ই মানুহৰ মানসিক চাপ বৃদ্ধি কৰে।
থাইৰয়ডৰ লক্ষণ সমূহ চাই এইকথা ক‘ব পাৰি যে পুৰুষতকৈ মহিলা সকলে অত্যাধিক মানসিক চাপ লয় বাবে মহিলাৰ শৰীৰত থাইৰয়ড এক স্বাভাৱিক ৰোগ হৈ পৰিছে।যদিও কেতিয়াবা ই অন্য ডাঙৰ ৰোগৰো কাৰণ হ‘ব পাৰে।
সেয়হে কোনো কাৰণতে থাইৰয়ডক সাধাৰণ ৰোগ বুলি নাভাবি অভিজ্ঞ চিকিৎসকৰ দ্বাৰা উপযুক্ত চিকিৎসা কৰালে এই ৰোগৰ পৰা উপশম পাব পাৰি।