VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পুনেৰ এখন বিশেষ চিকিৎসালয় য’ত কন্যা সন্তান জন্ম হ’লে চিকিৎসকে নলয় মাচুল

নৱজাত কন্যা সন্তানক অতি উষ্ম আদৰণি জনোৱা হয় পুনেৰ এইখন চিকিৎসালয়ত

voicedesk by voicedesk
November 7, 2022
in জীৱন
পুনেৰ এখন বিশেষ  চিকিৎসালয় য’ত কন্যা সন্তান জন্ম হ’লে  চিকিৎসকে  নলয় মাচুল
0
SHARES
46
VIEWS
Share on FacebookShare on Twitter

ভাৰতবৰ্ষ এখন পিতৃ-প্ৰধান দেশ হোৱাৰ বাবে প্ৰাচীন কালৰে পৰা বহু ক্ষেত্ৰত কম-বেছি পৰিমাণে কন্যা সন্তানকৈ পুত্ৰসন্তানৰ গুৰুত্ব যেন অলপ হ’লেও বেছি তেনে পৰিলক্ষিত  হয় ৷ বহু ঠাইত কন্যা সন্তান জন্ম হোৱাৰ লগে লগেই বা জন্মৰ আগতেই ভ্ৰুণ হত্যা কৰাৰ অমানৱীয় ঘটনাই সঁচা অৰ্থত দেশখনৰ এক নিষ্ঠুৰ ছবি যেন বিশ্বৰ আগত তুলি ধৰিছিল ৷  অৱশ্যে বৰ্তমান সময়ত এই ক্ষেত্ৰত দেশত লাহে লাহে  কন্যা সন্তান ৰক্ষা কৰাৰ অভিযান বৃদ্ধি পাবলৈ ধৰিছে ৷  ক্ৰমাগতভাৱে দেশখনত বৃদ্ধি পাইছে ‘বেটি বচাও অভিযান’ৰ গুৰুত্ব ।

পুনেৰ এই চিকিৎসালয়খনো তাৰেই যেন এক জ্বলন্ত উদাহৰণ য’ত  কন্যা সন্তানক বচাবলৈ এনে এক অভিযান  চলোৱা হৈছে যাৰ শলাগ নলৈ নোৱাৰি । এই ব্যক্তিগত চিকিৎসালয়খনত জন্ম হোৱা কন্যা সন্তানৰ জন্মৰ বাবে চিকিৎসকে  নলয় কোনো মাচুল। বৰঞ্চ নৱজাত কন্যা সন্তানক  অতি উষ্ম আদৰণি জনোৱা হয় পুনেৰ এইখন চিকিৎসালয়ত ।

মহাৰাষ্ট্ৰৰ হাদাপছাৰ অঞ্চলত অৱস্থিত এই চিকিৎসালয়খনৰ মালিক ডাঃ গণেশ ৰাখ। প্ৰসূতি-সহ-মাল্টিস্পেচিয়েলিটি চিকিৎসালয় পৰিচালনা কৰা ডাঃ গণেশ ৰাখে তেওঁৰ ‘বেটি বচাও জন আন্দোলনৰ পদক্ষেপ’ৰ অধীনত ‘মহিলা ভ্ৰুণ হত্যা আৰু শিশু হত্যা’ৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ চেষ্টা চলাইছে। ডাঃ ৰাখৰ মতে, যোৱা ১১ বছৰত তেওঁ ২৪০০ গৰাকী কন্যা সন্তান জন্মৰ বাবে কোনো মাচুল লোৱা নাই।

ডাঃ গণেশ ৰাখে জানিবলৈ দিয়া মতে  ২০১২ চনত তেওঁ নিজৰ মেডিকেয়াৰ হাস্পতালত এই পদক্ষেপ আৰম্ভ কৰিছিল, যিটো বৰ্তমান বিভিন্ন ৰাজ্য আৰু আফ্ৰিকাৰ কিছু দেশলৈকো  বিয়পি পৰিছে। ডাঃ ৰাখৰ মতে চিকিৎসালয়খনৰ প্ৰথম বছৰবোৰত ২০১২ চনৰ আগতে তেওঁৰ এনে কিছুমান অভিজ্ঞতা হৈছিল যিবোৰে তেওঁক অতি দুখী কৰি তুলিছিল। কিছুমান ঠাইত  ছোৱালীজনী জন্ম হোৱাৰ সময়ত পৰিয়ালৰ লোকে তাইক চাবলৈ আহিবলৈকো  অনিচ্ছুক হৈ পৰিছিল। এনে ঘটনাই তেওঁক স্তম্ভিত কৰি পেলাইছিল আৰু এই ঘটনাৰ পৰাই তেওঁ   কন্যা সন্তানক বচাবলৈ আৰু লিংগ সমতাৰ সজাগতা সৃষ্টিৰ বাবে কিবা এটা কৰিবলৈ প্ৰেৰণা লাভ কৰিছিল।

ডাঃ গণেশ ৰাখে কয় যে ল’ৰা জন্ম হ’লে কিছুমান পৰিয়ালে  চিকিৎসালয়লৈ আহি আনন্দেৰে বিল পৰিশোধ কৰে, কিন্তু কেঁচুৱাটো কন্যা সন্তান হ’লে  উদাস হৈ পৰে তেওঁলোক। তেওঁ কয় যে সেইকাৰণেই তেওঁলোকে  কন্যা সন্তানৰ জন্মৰ লগে লগে সমগ্ৰ চিকিৎসা মাচুল ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছিল  আৰু পিছত এই পদক্ষেপক  ‘বেটি বচাও জন আন্দোলন’ বুলি অভিহিত কৰিছিল ।

Previous Post

ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ বাবে বন্ধ হ’ল শ্ৰীনগৰ-লেহ ঘাইপথ

Next Post

আপুনি বাৰু ভূত-প্ৰেত বিশ্বাস কৰে নেকি ?

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
আপুনি বাৰু ভূত-প্ৰেত বিশ্বাস কৰে নেকি ?

আপুনি বাৰু ভূত-প্ৰেত বিশ্বাস কৰে নেকি ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7