শৰীৰত খাদ্যপ্ৰাণ ‘গ’ ৰ অভাৱ হ’লে আৰু দীৰ্ঘদিন ধৰি ছালত তেল ব্যৱহাৰ নকৰিলে গা ফাটে বা গাৰ ছাল ফাটে। কেলচিয়ামৰ অভাৱ হ’লেও ভৰিৰ গোৰোহা ফাটে। বনৌষধিৰে আমি গাৰ ছাল ফটা ৰোধ কৰিব পাৰো।জানো আহক-
১) বকফুলৰ গুড়াৰ লগত ম’হৰ দৈ আৰু ইয়াৰ পৰা তৈয়াৰ কৰা মাখন একেলগে মিহলাই মলমৰ দৰে তৈয়াৰ কৰি ফ’টা ঠাইত সানিলে ছাল নিমজ আৰু উজ্বল হৈ পৰে।
২) গোলনেমুৰ ৰস ২৫ মিঃ লিঃ কৈ নিতৌ ৰাতিপুৱা শুদা পেটত খোৱাৰ উপৰিও নেমু এটা দুফাল কৰি ছালত সানিব লাগে।
৩) কেঁচা হালধিৰ ৰস ২০ মিঃ লিঃ খোৱাৰ উপৰিও কেঁচা হালধি খুন্দি ৰাতি খোৱাৰ আগতে ছালত লগাব লাগে।
৪) ৰাতিপুৱা ১০ টাকৈ আমলখি খোৱা ভাল।
৫) গোৰোহা ফাটিলে ছতিয়ানা গছৰ ছালৰ আঠা লগাব লাগে। বৰ গছৰ বা আঁহত গছৰ আঠাও উপকাৰী।
টেঙা জাতীয় বস্তু খোৱা ভাল। গাৰ ছাল পৰিষ্কাৰকৈ ৰাখিব লাগে আৰু তেল ঘঁহিব লাগে। খাদ্যপ্ৰাণ ক ‘ খ আৰু গ যুক্ত আহাৰ বেছিকৈ খাব লাগে।