ভাৰতত পুনৰ বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা আজি পুৱা প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত কৰ’ণাত ৫২৩৩জন লোক নতুনকৈ আক্ৰান্ত হোৱাত এতিয়ালৈ এই সংখ্যা ৪,৩১,৯০,২৮২ জনলৈ বৃদ্ধি পাইছে। ৷ আনহাতে মৃত্যু সাতজন লোকৰ । বৰ্তমানলৈকে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ৫,২৪,৭১৫জনলৈ।
মন্ত্ৰণালয়ৰ তথ্য অনুসৰি চিকিৎসাধীন ৰোগীৰ সংখ্যাও ২৮,৮৫৭জনলৈ বৃদ্ধি পাইছে । বিগত ২৪ ঘণ্টাত চিকিৎসাধীন ৰোগীৰ সংখ্যা ১৮৮১জনলৈ বৃদ্ধি হৈছে। আনহাতে, ‘কোভিড–১৯’ৰ পৰা সুস্থ হোৱা ৰোগীৰ ৰাষ্ট্ৰীয় হাৰ হৈছে ৯৮.৭২ শতাংশ।
তথ্য অনুসৰি দৈনিক সংক্ৰমণৰ হাৰ ১.৬৭ শতাংশ আৰু সাপ্তাহিক সংক্ৰমণৰ হাৰ হৈছে ১.১২ শতাংশ। অৱশ্যে কৰ’ণাৰ পৰা বৰ্তমান সুস্থ হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৪,২৬,৩৬,৭১০ জনলৈ। তাৰ বিপৰীতে মৃত্যুৰ হাৰ মাত্ৰ ১.২১ শতাংশ।
উল্লেখনীয় যে দেশত এতিয়ালৈ ১৯৪.৪৩ কোটি পালিৰো অধিক কোভিড ভেকচিন প্ৰদান কৰা হৈছে।