বিলাহী এবিধ ৰসাল ফল। বিলাহী গছ জোপোহা চুটি চাপৰ গছ। কেঁচাতে ফল সেউজীয়া আৰু পকিলে ৰঙা হয়। ফলৰ ভিতৰত অসংখ্য সৰু সৰু গুটি থাকে। আধুনিক শাকনিবাৰীত ৰজা বুলি বিলাহীক আখ্যা দিয়া হয়।
বিশ্বৰ প্ৰায় সকলো দেশতেই বিলাহী খেতি কৰা হয়। বিলাহী কেঁচা আৰু পকা ফল আৰু গুটি ঔষধত ব্যৱহাৰ কৰা হয়। লাইকোপেন নামৰ ৰাসায়নিক পদাৰ্থৰ বাবেই বিলাহী পকিলে ৰঙা হয়। ইয়ে স্বাস্থ্য ৰক্ষাত সহায় কৰে।
বিলাহী নিয়মীয়াকৈ খালে বহুতো ৰোগ প্ৰতিৰোধ কৰিব পাৰে।বিশেষকৈ মেদৰোগ , হৃদৰোগ , উচ্চৰক্ত চাপ , প্ৰোটেষ্ট কৰ্কট ৰোগ , স্তন কৰ্কট ৰোগ , কুকুৰীকণা , গাঠি বিষ , মূত্ৰাশয় পাথৰি ৰোগ , পানীলগা , স্নায়ুৰোগ আদি বিলাহীয়ে প্ৰতিৰোধ কৰাত সহায় কৰে।
সৌন্দৰ্য চৰ্চাত বিলাহীৰ অৱদান যথেষ্ট পৰিমাণে আছে , জানো আহক-
গা ধোৱাৰ আগতে পকা বিলাহীৰ ৰস গালত সানিলে বা শৰীৰৰ ছালত সানিলে ছালৰ উজ্বলতা বৃদ্ধি পায়।
এক গিলাচ পকা বিলাহীৰ ৰসত পাঁচ চামুচ মৌ মিহলি কৰি ৰাতিপুৱা খালি পেটত দিনে এবাৰকৈ কিছুদিন নিয়মীয়াকৈ খালে গাৰ ছাল পকা বিলাহীৰ ৰঙৰ দৰে সুন্দৰ আৰু মসৃণ হয়।
কেঁচুৱাৰ গাৰ ছাল উজ্জ্বল আৰু মসৃণৰ লগতে শিশুটি হৃষ্টপুষ্ট হ’বৰ কাৰণে একাপৰ চাৰিভাগৰ এভাগ বিলাহীৰ ৰসত দুই চামুচ মৌ মিহলি কৰি প্ৰতিদিনে নিয়মীয়াকৈ খুৱাব লাগে।