বিলাহীক ৰান্ধনীশালৰ ৰজা বুলি কোৱা হয় যদিও বিলাহী বহুতো ঔষধি গুণেৰে ভৰা ।
মেদৰোগ , উচ্চৰক্ত চাপ , হৃদৰোগ , বহুমূত্ৰ , কুকুৰীকণা , ৰক্তহীনতা , কৰ্কটৰোগ , গ্ৰহনী , পেটচলা , বদহজমি ৰোগ আদিৰ কাৰণে বিলাহী সুপথ্য।
বিলাহীত ইমানবোৰ গুণ থকাৰ উপৰিও বিলাহীৰে সৌন্দৰ্য চৰ্চা কৰিব পাৰি-
১) গা ধোৱাৰ আগতে পকা বিলাহীৰ ৰস গালত সানিলে বা শৰীৰৰ ছালত সানিলে ছালৰ উজ্বলতা বৃদ্ধি পায়।
২) এক গিলাচ পকা বিলাহীৰ ৰসত পাঁচ চামুচ মৌ মিহলি কৰি ৰাতিপুৱা খালি পেটত দিনে এবাৰকৈ কিছুদিন নিয়মিয়াকৈ খালে গাৰ ছাল পকা বিলাহীৰ ৰঙৰ দৰে সুন্দৰ আৰু মসৃণ হয়।
৩) কৃঁচুৱাৰ গাৰ ছাল উজ্বল আৰু মসৃণৰ লগতে শিশুটি হৃষ্টপুষ্ট হ’বৰ কাৰণে চাৰি ভাগৰ এভাগ পকা বিলাহীৰ ৰসৰ লগত দুই চামুচ মৌ মিহলি কৰি প্ৰতিদিনে খুৱাব লাগে।
বিলাহী কেঁচুৱাৰ পৰা বৃদ্ধ সকলোৰে বাবে উপকাৰী। বিলাহীত পোৱা পি কৌমেষিক আৰু ক্লৰোভোনিক এচিডে আমাৰ শৰীৰত কৰ্কট ৰোগ উৎপাদন কৰা পদাৰ্থসমূহ দেহৰ পৰা বাহিৰ কৰাত সহায় কৰে।