প্ৰাচীন কালৰে পৰা লঙক ৰন্ধন প্ৰণালীত মচলা হিচাপে ব্যৱহাৰ কৰা হয়। আগতে মাউথ ফ্ৰেছনাৰ হিচাপেও জনপ্ৰিয় আছিল ৷ মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ কৌশল হিচাপে লং ব্যৱহাৰ কৰা হৈছিল । আকৌ লঙ চাহ প্ৰচণ্ড কাহৰ পৰা সকাহ পোৱাতো অতি উপযোগী। অৱশ্যে পুষ্টিবিদসকলে কয় যে ইয়াৰ বাহিৰেও প্ৰতিদিনে লং খোৱাৰ সুবিধা আছে। আপুনি জানেনে সেইবোৰ কি?
১) মুখৰ স্বাস্থ্যঃ
মুখৰ দুৰ্গন্ধ, আঁঠুৰ সমস্যাৰ পৰা দাঁতৰ বিষ নিৰাময়লৈকে – লং ঘৰুৱা উপায় হিচাপে অতি উত্তম। লঙৰ প্ৰদাহ নিবাৰণকাৰী গুণে মুখত বেয়া বেক্টেৰিয়াৰ বৃদ্ধি ৰোধ কৰিব পাৰে। যিকোনো ধৰণৰ আঁঠুৰ সংক্ৰমণৰ বাবেও লং তেল উপযোগী।
২) হজম শক্তি ভাল কৰে :
আয়ুৰ্বেদত পাচনতন্ত্ৰৰ সমস্যাৰ বাবে লং ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে। লঙে পাচন এনজাইমৰ নিঃসৰণ বৃদ্ধি কৰে। গেছ, পেট ফুলাৰ দৰে সমস্যা থাকিলেও লং খাব পাৰে।
৩) তেজৰ শর্কৰাৰ নিয়ন্ত্ৰন :
কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে লং নিয়মীয়াকৈ সেৱন কৰিলে ডায়েবেটিছ ৰোগীৰ তেজৰ গ্লুক’জৰ মাত্ৰা আৰু ইনচুলিনৰ সংবেদনশীলতা নিয়ন্ত্ৰণ কৰিব পৰা যায়। অৱশ্যে এই কথা নিশ্চিত কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন।
৪) যকৃত ভালে ৰাখে:
যকৃত সুস্থ কৰি ৰাখিবলৈ লঙৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । লঙত প্ৰচুৰ পৰিমাণে এন্টি-অক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে আৰু ই যকৃতৰ বাবে উপকাৰী। যিহেতু লং বদহজম ৰোধ কৰাত ভাল, সেয়েহে লঙৰ ওপৰত নিৰ্ভৰ কৰি চকু মুদি যকৃতৰ যত্ন ল’ব পাৰে।
৫) বাতবিষ :
পেশীৰ বিষৰ বাবেও লং প্ৰতিকাৰ হিচাপে কাম কৰে। বহুতে আঁঠুৰ বিষত ভোগে। বহি থকাৰ পিছত উঠিব নোৱাৰে, উঠিলে আকৌ বহিবলৈ কষ্ট হয়। যিসকলে এনে সমস্যাত ভুগি আছে, তেওঁলোকে লং সেৱন কৰিলে সকাহ পাব।