বুধবাৰে মণিপুৰৰ সীমান্তৱৰ্তী চহৰ মোৰেত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বোমা বিস্ফোৰণ হৈ দুজন লোক নিহত হয় বুলি ধাৰণা কৰা হৈছে।
লাংখিচৈ গাঁৱৰ লিয়েনখগিন গাংটে আৰু লালচাংমুন গাংটে নামৰ দুজন ভাতৃয়ে বুধবাৰে আবেলি মাটি খনন কৰি থকাৰ সময়তে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ বোমা বিস্ফোৰণ হৈ দুয়োৰে মৃত্যু ঘটে।
২০২০ চনৰ নৱেম্বৰত ম্যানমাৰৰ সীমান্তৱৰ্তী মণিপুৰৰ মৰেহ চহৰত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বুলি অনুমান কৰা প্ৰায় ১২২ টা বোমা উদ্ধাৰ হৈছিল।
ইয়াৰ আগতে, ২০২০ চনৰ জুন মাহত মণিপুৰৰ চুৰাচান্দপুৰ জিলাত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ দুটা মৰ্টাৰ শ্বেল পোৱা গৈছিল, যিবোৰ নিয়ন্ত্ৰিত বিস্ফোৰণৰ জৰিয়তে নিষ্কাশন কৰা হৈছিল।
১৯৩৫ৰ পৰা ১৯৪৫লৈ চলা দ্বিতীয় বিশ্বযুদ্ধৰ বোমা প্ৰায় ৭৫ বছৰ পাছত ২৯ ছেপ্টেম্বৰ ২০২১ ত বিস্ফোৰণ ঘটা আৰু ইয়াৰ ফলত অজানিতে মৃত্যুক সাৱটি লোৱা দুই ভাতৃৰ কৰুণ গাথাই সকলোকে ব্যথিত কৰিছে।