পৰ্যাপ্ত পৰিমাণে টোপনি নাপালে কেতিয়াবা চকুৰ তলৰ অংশ ফুলি উঠে। প্ৰায়ে অতিমাত্ৰা ভাগৰুৱা হোৱাৰ বাবেই এনে হয়। কিন্তু যি কাৰণতেই নহওক কিয়, চকুৰ তলত ফুলি উঠাটো সাৰ পোৱাৰ লগে লগে স্পষ্ট হৈ পৰে। বহু সময়ত মানসিক চাপ আৰু উদ্বেগৰ বাবে চকু ফুলি উঠে। খাদ্যত নিমখৰ পৰিমাণ বেছি হ’লে শৰীৰৰ বিভিন্ন অংশত পানী জমা হৈ ফুলি উঠে। চকুৰো তেনেকুৱাই। কিবা কাৰণত বেছিকৈ কান্দিলে চকু দুটা সাময়িকভাৱে ফুলি উঠে। অত্যধিক ধূমপান বা মদ্যপান কৰিলেও চকু ফুলি উঠিব পাৰে। যদি চকু অতি ফুলি উঠে আৰু লগতে চকুৰ বিষ, চকু ৰঙা পৰা হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। কিন্তু যদি সেই সকলোবোৰ নহয় তেন্তে ফুলি উঠা চকুৰ চিন্তা কৰাৰ বিশেষ কাৰণ নাই। যদি অস্বস্তিকৰ হয় তেন্তে ঘৰতে চকুৰ ফুলা কেনেকৈ কম কৰিব?
১. ফ্ৰীজত ষ্টীলৰ চামুচ দুটা থৈ দিব। সাৰ পোৱাৰ পিছত মুখখন ধুই এই চামুচ দুপাত চকুৰ পতাত হেঁচা মাৰি ধৰিব। ফুলাটোও কমি যাব আৰু অলপ শক্তিশালী অনুভৱ হ’ব।
২. এলোভেৰা জেল মালিচ কৰক। এলোভেৰাৰ ৰস ফ্ৰীজত ৰাখি অলপ ঠাণ্ডা লগালে ভাল ফলাফল পাব।
৩. আলুৰ ৰস অতি উপকাৰী। আলুখিনি গুড়ি কৰি কপাহেৰে ৰসখিনি লগাই আৰু চকু মুদি ১৫ মিনিট জিৰণি ল’ব ৷ তাৰ পিছত ধুই পেলাওক। চকুৰ তলৰ ক’লা পৰা বা ফুলি উঠা আলুৰ ৰস অতি ফলপ্ৰসূ।