শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে দিছে এটা ভাল খবৰ। কিছু সময়ৰ পূৰ্বে শিক্ষামন্ত্ৰী জনে টুইট যোগে জনাইছে এই ভাল খবৰটো। এই খবৰ অনুসৰি এতিয়াৰে পৰা শিক্ষাৰ্থীসকলে আয়ৰ প্ৰমাণ পত্ৰ বিচাৰি যাব নালাগে চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ।
শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে প্ৰদান কৰিব পাৰিব আয়ৰ প্ৰমাণ পত্ৰ।বিভিন্ন সময়ত আয়ৰ প্ৰমাণ পত্ৰ বিচাৰি শিক্ষাৰ্থী সকলে চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গৈ হাবাথুৰি খাবলগীয়া এক অৱস্থাৰ সৃষ্টি হয়।
কিন্তু শিক্ষা মন্ত্ৰীজনৰ ঘোষণা অনুসৰি এতিয়াৰ পৰা শিক্ষাৰ্থী সকলে দাখিল কৰিবলগীয়া আয়ৰ প্ৰমাণ পত্ৰ শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে দিব পাৰিব। পৰিয়ালৰ লোকে দাখিল কৰা আয়ৰ হিচাপ অনুসৰি আয়ৰ প্ৰমাণ পত্ৰ দিব পাৰিব শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে।
ইয়াৰোপৰি শিক্ষা মন্ত্ৰীজনে পৰিয়ালৰ বছেৰেকীয়া আয় ২ লাখৰ কম হলে তেনে শিক্ষাৰ্থীক বিনামূলীয়া নামভৰ্তিৰ সুবিধাও প্ৰদান কৰিছে।তেনেক্ষেত্ৰত প্ৰয়োজন হ’লে শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে এবছৰৰ ভিতৰত দাখিল কৰা প্ৰমাণ পত্ৰ পৰীক্ষা কৰিব লাগিব।
শিক্ষানুষ্ঠানত বিনামূলীয়া শিক্ষা গ্ৰহণৰ বাবে যিসকল শিক্ষাৰ্থীক চক্ৰ বিষয়াই আয়ৰ প্ৰমাণ পত্ৰ দিব লগীয়া হয়,সেই সকলৰ বাবে এই বিকল্প চিন্তা কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে। অৰ্থাৎ যি খন শিক্ষানুষ্ঠানৰ পৰা শিক্ষাৰ্থীজন উত্তীৰ্ণ হৈছে সেইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে দিব পাৰিব শিক্ষাৰ্থীজনৰ উপাৰ্জনৰ প্ৰমাণ পত্ৰ।
সেই অনুসৰি প্ৰধান শিক্ষক বা শিক্ষানুষ্ঠানৰ মুৰব্বী জনে দিয়া প্ৰমাণ পত্ৰৰ ওপৰত ভিত্তি কৰি এজন শিক্ষাৰ্থীয়ে বিনামূলীয়া শিক্ষা গ্ৰহণ কৰিব পাৰিব।
ইয়াৰোপৰি মাচুল ৰেহাই আঁচনিৰ সুবিধা লাভৰ বাবে ছাত্ৰ-ছাত্ৰী বা তেওঁলোকৰ পিতৃ-মাতৃয়ে বাৰ্ষিক আয়ৰ এখন শপতনামা দাখিল কৰিব পাৰে। এনেদৰে দাখিল কৰা আয়ৰ প্ৰমাণ পত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এবছৰৰ ভিতৰত পৰীক্ষা কৰিব লাগিব।