বেছিভাগ সময়তে শাক –পাচলি অথবা মাছ-মাংস ভজাৰ পাছত কেৰাহীত তেল ৰৈ যায় ৷ বহুতে পেলাই নিদি একিখিনি তেলতে পুনৰ আন ব্যঞ্জন ৰান্ধে ৷ কিন্তু এই কামেৰে আপুনি নজনাকৈয়ে শৰীৰলৈ মাতি আনিছে মাৰাত্মক বিপদ ৷ এনেদৰে একে তেল ব্যৱহাৰ কৰি বাৰে বাৰে ৰন্ধা বঢ়া কৰাতো শৰীৰৰ বাবে অস্বাস্থ্যকৰ। শেহতীয়াকৈ প্ৰকাশিত ‘ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ’ৰ গাইডলাইনত এই কথা উল্লেখ কৰা হৈছে ৷ জ্বলা তেলে শৰীৰৰ ক্ষতি কৰে। এনেদৰে একেখিনি তেলতে বাৰে বাৰে ৰান্ধিলে শৰীৰৰ কি অপকাৰ হয় জানেনে ? শৰীৰৰ বাবে এই প্ৰথা কিমান ক্ষতিকাৰক?
বিভিন্ন ধৰণৰ গৱেষণাত দেখা গৈছে যে এই প্ৰথা শৰীৰৰ বাবে অতি ক্ষতিকাৰক। একেখিনি তেল বাৰে বাৰে গৰম কৰিলে তেলত কিছু বিষাক্ত পদাৰ্থ উৎপন্ন হয়। ইয়াৰ প্ৰভাৱৰ ফলত শৰীৰত প্ৰদাহ হয়। ইয়াৰ পৰাও বিভিন্ন গুৰুতৰ ৰোগ হ’ব পাৰে। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড সংস্থাৰ মতে কোনো তেল তিনিবাৰতকৈ অধিক গৰম কৰিব নালাগে। এনে কৰিলে ট্ৰেন্স-ফেট সৃষ্টি হোৱাৰ আশংকা থাকে। একেটা তেল বাৰে বাৰে গৰম কৰিলে ইয়াত থকা চৰ্বিৰ কণাবোৰ ভাঙি যায়। ইয়াৰ পৰা কিছুমান বিষাক্ত পদাৰ্থ তৈয়াৰ হয়। পোৰা তেলত ৰন্ধা খাদ্যই কি সমস্যাৰ সৃষ্টি কৰে?
কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে
ৰন্ধন তেল পুনৰ গৰম কৰিলে পলিসাইক্লিক এৰ’মেটিক হাইড্ৰ’কাৰ্বন আৰু এলডিহাইডৰ দৰে ক্ষতিকাৰক পদাৰ্থৰ উপস্থিতি বৃদ্ধি পায়। যাৰ ফলত শৰীৰৰ প্ৰদাহ, আনকি কেন্সাৰ আদি ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়।
ৰক্তচাপ বৃদ্ধি কৰে
সময়ৰ লগে লগে জ্বলা তেলৰ ৰাসায়নিক গঠন সলনি হয়। ইয়াত ফেটি এচিড থাকে। যিটো শৰীৰৰ বাবে অতি ক্ষতিকাৰক। পোৰা তেলত ৰন্ধা খাদ্য বাৰে বাৰে সেৱন কৰিলে অক্সিডেটিভ ষ্ট্ৰেছ, মানসিক উদ্বেগ, বদহজম আদি বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে।
অম্লতা আৰু বদহজম
ৰন্ধন তেলেৰে এবাৰ ৰন্ধাৰ পাছত পুনৰ ৰন্ধা খাদ্যই এচিডিটি, হাৰ্টবাৰ্ণ, পেটৰ বিষ আদি স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। বাহিৰত বহুতো ভজা সুস্বাদু খাদ্য প্ৰায়ে এই ধৰণৰ জ্বলা তেলেৰে প্ৰস্তুত কৰা হয়। গতিকে বাহিৰৰ খাদ্য খোৱাৰ আগতে সচেতন হোৱাটো প্ৰয়োজনীয়।
কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে
এনে তেলত ৰন্ধা খাদ্য খালে শৰীৰত ফেটি এচিডৰ পৰিমাণ বৃদ্ধি পায়। শৰীৰত চৰ্বিৰ পৰিমাণ বাঢ়িলে হৃদৰোগৰ আশংকা সৃষ্টি হয়। হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ পোৰা তেলত প্ৰস্তুত কৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক। অলপ তেল দি প্ৰস্তুত কৰা খাদ্য খাব।