বাৰিষা হঁওক বা খৰালি অথবা শীত সকলো সময়তে প্ৰয়োজনীয় এক ইলেক্ট্ৰনিক সামগ্ৰী হৈছে ৰেফ্ৰিজৰেটৰ । বৰ্তমান সময়ত গৃহিণীসকলৰ সুবিধাৰ্থে আটাইতকৈ বেছি ব্যৱহাৰ হয় এই ৰেফ্ৰিজৰেটৰ। পানী ঠাণ্ডা কৰি ৰখা , খোৱা বস্তু বেয়া নহ’বৰ বাবে ভালে ৰখা , শাক-পাচলি তাজা কৰি ৰখা আদি সকলো ক্ষেত্ৰতেই প্ৰয়োজন এই যন্ত্ৰৰ।
কিন্তু দৈনদ্দিন জীৱনত ফ্ৰিজৰ ইমানেই ব্যৱহাৰ হয় যে মাহৰ শেষত বিদ্যুতৰ বিল বহুত বেছিকৈ অহা পৰিলক্ষিত হয়। বিশেষকৈ গ্ৰীষ্ম কালত বেছিকৈ এই সমস্যাই দেখা দিয়ে। বহুতো লোকে হয়তো নাজানে যে কিছুমান নিৰ্দিষ্ট নিয়ম মানি ফ্ৰিজ ব্যৱহাৰ কৰিলে বিদ্যুতৰ বিল অনেক কম হয়।
- ফ্ৰিজৰ মাজত যিমানেই অধিক ঠাই খালী হৈ থাকিব সিমানেই তাপমান ধৰি ৰখা ক্ষমতা কম হ’ব। আনহাতে বহুত সামগ্ৰী নাথাকিলে ফ্ৰিজ চলাই ৰাখিব নালাগে। ফ্ৰিজৰ ভিতৰভাগত এনেদৰে খাদ্যসামগ্ৰীবোৰ ৰাখিব লাগে যাতে বতাহ চলাচল কৰিব পাৰে।
- ৰেফ্ৰিজৰেটৰৰ ৰেগুলেটৰৰ পাৱাৰ যিমানেই কম থাকিব , বিদ্যুতৰ বিল সিমানেই কম উঠিব।
- ফ্ৰিজৰ ভিতৰভাগৰ তাপমাত্ৰা ঠিক ৰাখিবলৈ হ’লে পানীৰ বটল এটাত নিমখ মিহলাই ৰাখিব পাৰি। এনেক্ষেত্ৰত তাপমান কম হৈ থকাৰ লগতে কেতিয়াবা লোড-শ্বেডিং জাতীয় কোনো অসুবিধা হ’লেও , তাত ৰখা খাদ্য নষ্ট নহয়।
- কোনো খাদ্য কেতিয়াও গৰমে গৰমে ফ্ৰিজত ৰখা উচিত নহয়। খাদ্য ঠাণ্ডা হোৱাৰ পাছতহে ফ্ৰিজত ৰাখিব লাগে।
- বহুতৰ ক্ষেত্ৰত দেখা যায় যে কোনো খাদ্য ৰান্ধিবৰ বাবে ফ্ৰিজটো খুলি কি ৰান্ধিব সেই কথা ভাবি থকা হয়। এনে কৰা একেবাৰে উচিত নহয় কাৰণ ফ্ৰিজ খুলি ৰাখিলে ভিতৰৰ ঠাণ্ডা ভাপ বাহিৰলৈ ওলায় আহে। ইয়াৰ ফলত কম্প্ৰেচাৰৰ ওপৰত হেঁচা পৰে আৰু ফ্ৰিজটো পুনৰ ঠাণ্ডা হ’বলৈ পুনৰ অধিক মাত্ৰাত বিদ্যুৎ খৰচ হয়। সেইবাবে ফ্ৰিজ খোলাৰ আগতেই নিৰ্ণয় কৰি ল’ব লাগে যে কি কৰা উচিত বা কি খাদ্য ৰান্ধিব।
কোনো কোনো ক্ষেত্ৰত দেখা যায় যে বহুত দিন ধৰি কোনো খাদ্য ফ্ৰিজত থাকে অথবা ফ্ৰিজ ভালদৰে পৰিষ্কাৰ কৰা নহয়। তেতিয়া সেই খাদ্যৰ পৰা এটাসময়ত গৈ বেয়া গোন্ধ ওলায় , যিয়ে ফ্ৰিজৰ ভিতৰৰ বায়ু দুষিত কৰে । এনেবোৰ কাৰণত ৰেফ্ৰিজৰেটৰ টোৱে নিজে নিজেই সেই সকলোবোৰ ঠিক কৰিবলৈ লঁওতে স্বাভাৱিকতে বেছিকৈ বিদ্যুৎ খৰচ কৰে।