সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চাত আছে এক ভিডিঅ’ । ভিডিঅ’টিত আছে এগৰাকী কিশোৰী। উল্লেখযোগ্য যে এগৰাকী দৃষ্টিহীন কিশোৰীয়ে প্ৰথমবাৰৰ বাবে নিজেই কাৰো সহায় নোলোৱাকৈ স্কুল বাছত উঠিবলৈ লোৱাৰ এক ভিডিঅ‘ সামাজিক মাধ্যমত বিয়পি পৰিছে। এই ভিডিঅ’টি চাই বহুতো লোক আবেগিক হৈ পৰিছে।
উল্লেখযোগ্য যে কিশোৰীগৰাকীৰ মাতৃয়ে ভিডিঅ’টিৰ এক সামান্য অংশ টিকটক একাউন্টত প্ৰচাৰ কৰে আৰু প্ৰচাৰ কৰাৰ কিছু সময়ৰ পাছতেই ভিডিঅ’টি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।
আনহাতে টুইটাৰত “A page to make You smile ” নামৰ এটা একাউন্টৰ জৰিয়তেও পাছত প্ৰচাৰ কৰা হয় এই ভিডিঅ’।
টিকটকত @ambrea2504 নামেৰে একাউন্ট থকা মহিলাগৰাকীয়ে নিজৰ কণমানি ছোৱালীজনীয়ে এডাল লাঠিৰ সহায়ত কেনেকৈ স্কুল বাছখনত উঠিবলৈ চেষ্টা কৰিছে সেই ভিডিঅ’ প্ৰচাৰ কৰিছে। ভিডিঅ’টিৰ কেচপনত মাতৃগৰাকীয়ে লিখিছে যে- তেঁওৰ কন্যা দৃষ্টিহীন। তেঁওৰ কণমানি ছোৱালীজনীয়ে প্ৰথমবাৰৰ বাবে নিজেই বাছত উঠিবলৈ লৈছে । তাই সেই কাম কৰাৰ বাবে মাতৃগৰাকী যথেষ্ট গৰ্বিত বুলি জনাইছে।
উল্লেখযোগ্য যে সামাজিক মাধ্যমত এই ভিডিঅ’টিয়ে বহুতো লোকক আবেগিক কৰি তুলিছে আৰু বহুতো লোকে সেই কিশোৰীগৰাকীক উৎসাহ জনাই শুভেচ্ছা বাৰ্তাও প্ৰেৰণ কৰিছে।