পৃথিৱীৰ পৰা চিৰবিদায় ল’লে আমেৰিকাৰ আটাইতকৈ ওখ ব্যক্তি গ’ৰ ভৱক’ভিনস্কিয়ে (gor Vovkovinskiy)। মৃত্যুৰ সময়ত তেঁওৰ বয়স আছিল ৩৮ বছৰ। উল্লেখ্য যে হৃদৰোগত আক্ৰান্ত হৈ আছিল এই লোকজন। ব্যক্তিগৰাকীৰ মাতৃয়ে ফেচবুকৰ জৰিয়তে জনাইছে এই কথা।
পিটুইটাৰি গ্ৰন্থিৰ ওপৰত এটা টিউমাৰ হোৱাৰ ফলত হৰম’নৰ মাত্ৰা অস্বাভাৱিক ধৰণে বৃদ্ধি পাইছিল লোকজনৰ। ভৱক’ভিনস্কিয়ে বিভিন্ন দেশলৈ চিকিৎসাৰ বাবে গৈছিল। কিন্তু ক’তো ভাল ফল নাপালে তেঁও।
প্ৰথম অৱস্থাত সাধাৰণ জীৱন যাপন কৰিছিল এই লোকজনে। কিন্তু ২০০৯ চনত বিশেষ ধৰণে জনপ্ৰিয় হৈ পৰে ভৱক’ভিনস্কি। সেই সময়ত প্ৰেচিডেন্ট পদৰ বাবে বাৰাক ওবামাই প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। ওবামাৰ এজন সমৰ্থক হিচাপে “world’s biggest obama supporter” বুলি লিখা এটা টি-চাৰ্ট পিন্ধি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল এই তেঁও। উল্লেখ্য যে ওবামাই তেঁওক মঞ্চলৈও মাতি নিছিল।
ইয়াৰ পাচত ২০১৩ চনত এক গানৰ প্ৰতিযোগিতাতো অংশ গ্ৰহণ কৰিছিল এইজন লোকে।
২৭ বছৰ বয়সত তেঁও নিউয়ৰ্ক যাবলৈ প্ৰস্তুত হয় আৰু তাত গ্ৰীনিচ বুক অৱ ৰেকৰ্ডত সকলোতকৈ ওখ মানুহৰ শাৰীৰ নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ প্ৰয়াস কৰিছিল। কিন্তু মাত্ৰ কিছু ইঞ্চি্ৰ ব্যৱধানত ভাৰ্জিনিয়াৰ এজন লোকৰ আগত পৰাজিত হয় ভৱক’ভিনস্কি।
উল্লেখযোগ্য কথা এই যে এই ওখ লোকজনে ভৰিৰ জোখৰ জোতা বিচাৰিবলৈ বহুত কষ্ট কৰিব লগীয়া হৈছিল। আনহাতে নতুনকৈ জোতা তৈয়াৰ কৰিবৰ বাবে যি খৰচ হয় সেয়া বহন কৰাৰো সামৰ্থ্য নাছিল। এই কথা নিজেই ফেচবুকৰ জৰিয়তে প্ৰচাৰ কৰিছিল লোকজনে। ফলত বহুতো লোকে ভৱক’ভিনস্কিক সহায় কৰিবলৈ আগবাঢ়ি আহে।প্ৰাপ্ত তথ্য মতে নামী ব্ৰেণ্ড “Reebok” য়ে এই লোকজনৰ বাবে তেঁওৰ ভৰিৰ জোখৰ জোতাও তৈয়াৰ কৰি দিছিল।