কৰ্মস্থলীত বহু লোকেই কামৰ সময়ছোৱা এখন চকীত বহি নিজৰ কাম সমূহ সমাধা কৰে ৷ কৰ্ম ব্যস্ততাৰ বাবে কাৰ্যালয়ৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সুযোগ সাধাৰণতে কম। যাৰ ফলত বহু সময় অবিৰতভাৱে বহি থাকিলে শৰীৰত বহু প্ৰভাৱ পৰে। ওজন বৃদ্ধিৰ ফলত কান্ধৰ বিষ – বিভিন্ন ৰোগৰ ফলতশৰীৰ অসুস্থ হোৱাৰ সম্ভাৱনা ক্ৰমাৎ বৃদ্ধি পায়। আনহাতে এই ৰুটিন সলনি কৰিব নোৱাৰি। সেয়েহে চিকিৎসকে কয় যে অফিচত দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত কমেও ১০ মিনিট খোজ কাঢ়িলে শৰীৰত সু প্ৰভাৱ পৰে ।
দহ মিনিট খোজ কাঢ়িলে কি লাভ হ’ব?
হজম শক্তি উন্নত হ’ব- শৰীৰৰ গতি কম হ’লে পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হয়।সেয়েহে দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত ১০ মিনিট খোজ কাঢ়িলে সেই সমস্যাৰ সমাধান হ’ব। গেছ-হাৰ্টবাৰ্ণৰ আশংকা কমি যাব, খাদ্যও সোনকালে হজম হ’ব। যদি আপোনাৰ পেট ফুলাৰ সমস্যা হয় তেন্তে ইও কমি যাব।
শৰীৰ অজ্ঞান হৈ পৰে- দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত একে ঠাইতে বহি থকাৰ পৰিৱৰ্তে খোজ কাঢ়িব লাগে ।কাৰণ অবিৰতভাৱে বহি থাকিলে ভাগৰুৱা অৱস্থাই শৰীৰটোক আগুৰি ধৰে। কামো লেহেমীয়া হয়। কামৰ পৰা বিৰতি লৈ খোজ কাঢ়িলে শৰীৰ শক্তিশালী হয় আৰু কাম কৰিবলৈ মন যায়।
মানসিক উদ্বেগ দূৰ হয়- কামৰ বাহিৰেও মানুহৰ ব্যক্তিগত জীৱনতো বিভিন্ন উত্থান-পতন থাকে ,বহু চিন্তা-চৰ্চা থাকে। সেয়েহে কিছু সময় খোজ কাঢ়িলে মানসিক চাপৰ পৰাও উপশম পায়। মনৰ সামান্য পৰিৱৰ্তন হয়৷ চিন্তা ইতিবাচক হয়৷
ওজন নিয়ন্ত্ৰণত আছে- আহাৰ খোৱাৰ পিছত খোজ কাঢ়িলে ওজন বৃদ্ধিৰ ভয় অলপ হ’লেও কমি যায়। খোজ কঢ়াৰ ফলত যথেষ্ট পৰিমাণৰ কেলৰি নাশ হয়। প্ৰতিদিনে ১০ মিনিট অবিৰতভাৱে খোজ কাঢ়িব লাগে।
হৃদযন্ত্ৰৰত প্ৰভাৱ পৰে – খোজ কঢ়াৰ ফলত হৃদযন্ত্ৰত প্ৰভাৱ পৰে। অবিৰতভাৱে বহি থাকিলে হৃদযন্ত্ৰত নেতিবাচক প্ৰভাৱ পৰে। গতিকে দিনটোত কমেও ১০ মিনিট খোজ কাঢ়িলে বহু উপকাৰ পোৱা যায়। ৰক্তচাপৰ মাত্ৰা কমি যোৱাৰ লগতে কলেষ্টেৰলৰ আশংকাও হ্ৰাস পায়।