ব্যস্ত জীৱনৰ হেঁচাত এতিয়া বহু লোকে সপ্তাহটোৰ বাবে এদিনতে বজাৰ কৰাৰ নিয়ম আছে। ফলতশাক-পাচলি ফ্ৰীজত থোৱাৰ বাহিৰে আন উপায় নাই। বহু সময় ফ্ৰীজত ৰাখিলেও শাক-পাচলি আৰু ফল-মূল বহুদিন সতেজ হৈ নাথাকে। শাক-পাচলি কাটি ৰাখিব পাৰিলে বহু সময় ৰাহি হয়। অফিচলৈ যোৱাৰ আগতে খৰধৰকৈ ৰান্ধিবলৈ সহজ । কিদৰে ফ্ৰীজত শাক-পাচলি বহু সময়লৈ সতেজ কৰি ৰাখিব ?
১) শাক-পাচলি, ফল-মূল কাটি ফ্ৰীজত খোলাকৈ ৰাখিব নালাগে। তেতিয়া বেয়া হ’বলৈ বেছি সময় নালাগে। সাধাৰণভাৱে ঢাকি ৰাখিলেও কাম নহয় ৷ প্ৰতিটো শাক-পাচলি, ফল-মূল কাটি লোৱাৰ পিছত সুকীয়া পাত্ৰত ৰাখিব লাগে। সকলো একেলগে মিহলাই নিদিব।
২) কোমোৰা, পটল, বিট, পটল, কেপচিকাম আদি শাক-পাচলি কাটি এয়াৰ টাইট বেগত ৰাখিব।
৩) গাজৰ,লেটেচু, ব্ৰকলি সোনকালে বেয়া হৈ যায়। গতিকে পৃথক প্লাষ্টিকত ৰাখক।
৪) আনাৰস ৰাখিব বিচাৰিলে ওপৰৰ পাত থকা অংশ কাটি পেলাব।
৫) শাক কটাৰ আগতে গৰম নিমখীয়া পানীৰে ধুব লাগে। ইয়াৰ পিছত পানীখিনি নিষ্কাশন কৰক। প্ৰতিটো শাক-পাচলিৰ গুৰিৰ অংশ কাটি পেলাওক। এতিয়া কটা শাক এয়াৰ টাইট বেগত ভৰাই থওক।
৬)আদা-নহৰু ফ্ৰীজত ৰাখিব পাৰে। এনে অৱস্থাত প্ৰথমে আদাৰ বাকলি পেলায় ধুই পানীখিনি শুকুৱাই লওক। অন্যহাতে বাকলি গুচাই ৫-৭ মিনিট পানীত তিয়াই থব। তাৰ পিছত শুকুৱাই বেলেগ বেলেগ পাত্ৰত ৰাখিব। আদা-নহৰুৰ টুকুৰা কেতিয়াও ফ্ৰীজত খোলাকৈ ৰাখিব নালাগে, ই ফ্ৰীজৰ ভিতৰত দুৰ্গন্ধৰ সৃষ্টি কৰিব পাৰে।
৭) জলকীয়া আৰু ধনীয়াৰ পাতো ভালদৰে ৰাখিলে বহুদিন সতেজ হৈ থাকিব। জলকীয়াৰ ঠাৰি চিঙি পেলাই দিব ৷ গুৰিৰ পৰা ধনীয়াৰ পাতবোৰ চিঙি ফ্ৰীজত থৈ দিব। জলকীয়া আৰু ধনীয়া পাত বেলেগ বেলেগ পেকেটত ৰাখিব।