বহুতে গা ধোৱা পানীত বিভিন্ন ধৰণৰ এচেনচিয়েল তেল যোগ কৰে। কিছুমানে গা ধোৱা পানীত সন্ধক নিমখ দিয়ে। ইয়াৰে প্ৰত্যেকৰে কাম বেলেগ বেলেগ। কোনোটোৱে মৃত ছালৰ কোষবোৰ আতৰাই পেলোৱাত সহায় কৰে, কোনোটোৱে ছালৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কিন্তু এনে কিছুমান ঘৰুৱা সামগ্ৰীও আছে যিবোৰে গা ধোৱা পানীক অধিক উপকাৰী কৰি তুলিব পাৰে।এই সামগ্ৰীসমূহ গা-ধোৱা পানীত ব্যৱহাৰ কৰিলে কেৱল শৰীৰেই নহয়, মনটোও সতেজ হৈ পৰিব।
হালধি
গা-ধোৱা পানীত গুড়ি হালধি মিহলাই ল’ব পাৰে। হালধিৰ এন্টিবেক্টেৰিয়েল আৰু এন্টি-ইনফ্লেমেটৰী গুণে ছালৰ সংক্ৰমণ নিৰাময়ত সহায় কৰে। বাৰিষাৰ সময়ত ছালত বিভিন্ন ধৰণৰ ভেঁকুৰৰ সমস্যা দেখা যায়। হালধি মিহলোৱা পানীত গা ধুলে এনে সমস্যা নিয়ন্ত্ৰণত থাকে।
গ্ৰীণ টী
এটা বা দুটা গ্ৰেণ টী বেগ এক বাল্টি পানীত তিয়াই থওক। ইয়াৰ পিছত সেই পানী আপোনাৰ শৰীৰত ঢালি দিব। এনেদৰে ব্যৱহাৰ কৰিলে ছালত বয়স বৃদ্ধিৰ লক্ষণ দেখা নাযায়। ছালখন কোমল আৰু উজ্জবল হৈ থাকিব কিন্তু গৰম পানীত গা ধুলে টী-বেগ নিদিব। ই ছাল শুকুৱাই পেলাব পাৰে।
গাখীৰ
গাখীৰেৰে গা ধোৱাৰ কথা শুনি বহুতে আচৰিত হ’ব পাৰে। কিন্তু আচৰিত নহ’ব । এই ক্ষেত্ৰত দুচামুচ গাখীৰৰ প্ৰয়োজন হ’ব। এবাল্টি পানীত দুচামুচ গাখীৰ মিহলাই লওক। এই পানীত গা ধুলে ছালৰ মৃত কোষবোৰ সোনকালে আঁতৰি যাব। ছালখন ৰ’দে পুৰিলেও গাখীৰৰ দৰে পানীত গা ধুলে পোৰাৰ পৰিমাণ সোনকালে কমিব ৷