‘ ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ‘ । এই গুৰুত্বপূৰ্ণ কথাশাৰী সকলোৱে জানে যদিও তাৰ মাজতে অভ্যাসবশতঃ বহুতে ধূমপান কৰা দেখা যায় । বহুতে ধূমপানৰ প্ৰতি বৰ বেয়াকৈ আসক্ত হোৱা দেখা যায় আৰু বছৰ বাগৰি যোৱাৰ পিচতো এই বদ-অভ্যাস ত্যাগ কৰিব নোঁৱাৰে।
চিগাৰেট , বিড়ি আদিত থকা নিক’টিন শৰীৰৰ বাবে অতি ক্ষতিকৰ। হাওঁফাঁওত জমা হৈ থাকে এই নিক’টিন। আনকি মুখৰ কেঞ্চাৰ হোৱাটো ইএক মুখ্য কাৰণ। চিগাৰেট খোৱা অভ্যাস হোৱা বহুতৰ আকৌ চিগাৰেট নাখালে কোষ্ঠকাঠিন্যৰ সমস্যা , মূৰৰ বিষ , অৱসাদ ভাৱ আদিবোৰ দেখা দিয়ে। কিন্তু আচৰিত যেন লাগিলেও এই ক্ষেত্ৰত বিলাহী উপকাৰী। প্ৰাপ্ত তথ্যমতে ধূমপান কৰা লোকে যদি নিয়মিত বিলাহী খায় , তেন্তে শৰীৰৰ ক্ষতিৰ পৰিমাণ কমি আহে।
বিশেষজ্ঞ সকলৰ মতে বিলাহীত প্ৰচুৰ পৰিমাণে কোমেৰিক এচিড আৰু ক্লৰ’জেনিক এচিড থাকে। ধূমপানৰ ফলত শৰীৰৰ যি ক্ষতি হয় , সেই ক্ষেত্ৰত বিলাহীত থকা উপাদান বোৰে সহায় কৰে। আনহাতে কেঞ্চাৰ প্ৰতিৰোধৰ ক্ষেত্ৰতো বিলাহী অতি উপকাৰী।
বিলাহীত থকা লাইক’পেন উপাদানে শৰীৰত কেঞ্চাৰৰ কোষৰ বৃদ্ধিত বাধা প্ৰদান কৰে। বিশেষকৈ পাকস্থলীৰ প্ৰষ্টেট কেঞ্চাৰৰ বাবে বিলাহী বিশেষভাৱে উপযোগী। আনহাতে বিলাহী সিজাই খোৱাতকৈ কেঁচাকৈ খালে বেছি উপকাৰ পোৱা যায়। বিলাহীয়ে ছালৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা যোগায়।