মাজে মাজে ভাগৰ লগাটো অতি স্বাভাৱিক। দীঘলীয়া শাৰীৰিক বা মানসিক পৰিশ্ৰম কৰাৰ পিছত আমাৰ স্বাভাৱিকতে ভাগৰ লাগে। কিছু সময় জিৰণী ল’লে ভাগৰ আতৰি যায় আৰু এনেকুৱা মধুৰ ভাগৰ আমি উপভোগ কৰিব পাৰোঁ।
দিনে -ৰাতি শুই বহি থাকিলেও ভাগৰ লগা ভাৱটো যেতিয়া আতৰি নাযায় তেতিয়াহে সমস্যা আহি পৰে। কেতিয়াবা সুন্দৰ স্বাস্থ্য এটাৰ অধিকাৰী হলেও , ৰাতি টোপনি ভালকৈ আহিলেও দিনটোত অনবৰতে ভাগৰ লাগি থাকে বা দৈনন্দিন কাম-কাজবোৰ কৰি থাকিলেও মনৰ ভিতৰৰ পৰা কোনো উৎসাহ অনুভৱ নহয়। এনেকুৱা ভাগৰ বহুমূত্ৰ , ৰক্তহীনতাত, কেঞ্চাৰ , হৃদৰোগৰ সংকেত হ’ব পাৰে । তেনে অৱস্থাত ডাক্টৰৰ পৰামৰ্শ লোৱা উচিত।
আমি যিবোৰ কাম কৰি থাকো সেইবোৰ কাম কৰিবলৈ বাধ্য হোৱাটোও ভাগৰ লাগি থকাৰ এটা কাৰণ হ’ব পাৰে। জীৱনটো যদি বৈচিত্ৰহীন হয় , তেতিয়া হলেও মানসিক অৱসাদ হয় আৰু মানসিক অৱসাদে শৰীৰত ভাগৰৰ সৃষ্টি কৰে। এনে অৱস্থাত আমাৰ মনে বিছৰা নতুন কাম এটা কৰিবলৈ চেষ্টা কৰিব লাগে য’ত অলপমান অতিৰিক্ত শক্তি ব্যয় কৰাৰ প্ৰয়োজন হয়। এটা নতুন কাম কৰি তাত সফল হ’বলৈ মনলৈ জেদৰ ভাৱ আহিলেও ভাগৰ আপোনা-আপুনি নোহোৱা হয়।
মুঠতে গতানুগতিকতাৰ পৰা আতৰি আহি এটা নতুন কাম কৰি নিজৰ প্ৰতিভা বিকশিত কৰিবলৈ সংকল্প কৰিলেও ভাগৰৰ ভাৱ নোহোৱা হৈ যায়।