শৰীৰৰ ওজন কমাবলৈ জিমলৈ যোৱা, ঘৰতে ব্যায়াম কৰা, নিয়ম অনুসৰি খোৱা-বোৱা কৰাকে ধৰি দৈনন্দিন জীৱনত কঠোৰ নিয়মেৰে পালন কৰা হয়। কিন্তু এই সকলোবোৰৰ পিছত যদি আকাংক্ষিত ফলাফল পোৱা নাযায়, তেতিয়া হতাশা পুনৰ আৰম্ভ হয়। বহুতে ধৈৰ্য্য আৰু উৎসাহ দুয়োটা হেৰুৱাই পেলায়। চিকিৎসকে কয় যে কেতিয়াবা শাৰীৰিক সমস্যা হ’লে চেষ্টা কৰিও ওজন কমাব পৰা নাযায় । বিশেষকৈ যদি কোনোবাই থাইৰয়ডৰ সমস্যাত ভুগিছে তেন্তে বহু চেষ্টা কৰিলেও ওজন প্ৰায়ে নিয়ন্ত্ৰণলৈ নাহে ৷ থাইৰয়ডৰ সমস্যা হ’লে বিপাকীয় হাৰ কমি যায়। ফলত পাচনতন্ত্ৰৰ বিসংগতিৰ দৰে কিছুমান কাৰণত ওজন বৃদ্ধি পায়। থাইৰয়ডৰ বাবে ওজন বৃদ্ধি পোৱাসকলৰ ওজন কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব পাৰি জানো আহক ৷
১) নোখোৱাকৈ বেছি সময় থাকিব নালাগে। একেলগে বেছিকৈ খাদ্য খাব নালাগে। কম কমকৈ আৰু সঘনাই আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। ই বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণত ৰাখে, যাৰ ফলত ওজন কমি যায়।
২) নিয়মীয়াকৈ ব্যায়াম কৰিব লাগে। যদি আপুনি ক্ষীণ হ’ব বিচাৰে তেন্তে ইয়াৰ বিকল্প নাই। জিমত হওক বা ঘৰতে হওক – ব্যায়াম কৰাটো আৱশ্যকীয়। ই কেৱল ওজন হ্ৰাস কৰাই নহয় ,থাইৰয়ডৰ সমস্যাও নিয়ন্ত্ৰণ কৰিব। কাৰ্ডিঅ’ কৰিব পাৰে। দ্ৰুত ফলাফল লাভ কৰক। প্ৰয়োজন হ’লে জিম ট্ৰেইনাৰৰ সহায় ল’ব পাৰে। আৰু যদি জিমলৈ যাবলৈ মন নাযায় তেন্তে ঘৰতে যোগাসন কৰক।
৩)থাইৰয়ডৰ সমস্যাৰ বাবে মিঠাই খোৱাত বিশেষ অসুবিধা নাই ৷ কিন্তু যদি ওজন বাঢ়ি যায়, তেন্তে সেই অভ্যাস ত্যাগ কৰাৰ প্ৰয়োজন। মিঠাইৰ সলনি বতৰৰ সতেজ ফল খোৱাৰ অভ্যাস কৰক ৷
৪) সকলো শীতল আৰু ৰঙীন পানীয় পৰিহাৰ কৰিব লাগে। ইয়াত থকা কেলৰিৰ পৰিমানে কম সময়ৰ ভিতৰতে ওজন বৃদ্ধি কৰিবলৈ যথেষ্ট। থাইৰয়ড থাকিলে এই পানীয়বোৰ পৰিহাৰ কৰক। ইয়াৰ উপৰিও প্ৰচেছড খাদ্য, পেকেটত থকা খাদ্যও দৈনন্দিন খাদ্যৰ পৰা বাদ দিব লাগে।
৫) ওজন কমাব বিচাৰিলে পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন। কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে টোপনিৰ অভাৱত মেদবহুলতা হ’ব পাৰে। গতিকে আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি আহিছে নে নাই সেইটোৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ। যদি টোপনি কম হয় তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক।