শীতকালৰ বজাৰত এতিয়া উপলব্ধ ‘বগা মূলা’ হজম ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত এক উৎকৃষ্ট পাছলি ৷সাধাৰণতে মানুহে ইয়াক বেছিকৈ চালাডৰ ৰূপত বা ভাজি খাবলৈ ভাল পায়। ইয়াৰ উপৰিও মূলা পৰঠাও অতি বিখ্যাত এবিধ ব্যঞ্জন। মূলাত ভিটামিন এ, বি, চি, প্ৰটিন, কেলচিয়াম আৰু আইৰণ আদি বহুতো খনিজ পদাৰ্থ থাকে। কিন্তু ইমানবোৰ গুণ আৰু সোৱাদেৰে ভৰা হোৱাৰ পিছতো মূলা খোৱাৰ ক্ষত্ৰতো আছে কিছু অসুবিধা । মূলাৰ বতৰত কিছুমান বস্তুৰ সৈতে মূলা খালে অসুস্থ হৈ পৰাৰ সম্ভাৱনাই অধিক ৷
জানো আহক কোনবোৰ খাদ্যৰ লগত মূলা খালে অসুস্থ হৈ পৰাৰ সম্ভাৱনা বৃদ্ধি হয় –
তিয়ঁহ-যদি তিয়ঁহৰ লগত মূলা খোৱা হয় তেন্তে ই স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। বেছিভাগ মানুহেই তিয়ঁহ আৰু মূলা একেলগে চালাড হিচাপে খায়, কিন্তু এইটো ভুল পদ্ধতি। আচলতে তিয়ঁহত এস্ক’ৰবেট থাকে, যিয়ে ভিটামিন চি শোষণ কৰাৰ কাম কৰে। গতিকে এই দুয়োটা একেলগে খোৱা নিষিদ্ধ।
গাখীৰ-গাখীৰ খোৱাৰ লগে লগে মূলা বা মূলা খোৱাৰ পিছত লগে লগে গাখীৰ সেৱন কৰা অনুচিত । এনে কৰিলে পাচনতন্ত্ৰৰ বেয়াকৈ অৱনতি ঘটিব পাৰে। কাৰণ মূলা খালে শৰীৰৰ উষ্ণতা বৃদ্ধি পায়। গতিকে মূলা খোৱাৰ পিছত গাখীৰ সেৱন কৰিলেও হাৰ্টবাৰ্ণ, এচিড ৰিফ্লাক্স আৰু পেটৰ বিষ হ’ব পাৰে। গতিকে দুয়োটা খোৱাৰ মাজত কেইঘণ্টামানৰ ব্যৱধান ৰখা উচিত।
চাহ-কিছুমান মানুহৰ খাদ্যৰ লগত চাহ খোৱাৰ অভ্যাস আছে। কিন্তু ই এক বদ-অভ্যাস। সাধাৰণতে শীতকালত প্ৰায়েই মূলা খোৱা হয় ৷ এনে অৱস্থাত মূলা খোৱাৰ লগত বা খোৱাৰ লগে লগে চাহ খাব নালাগে। চাহ আৰু মূলাৰ মিশ্ৰণক অতি বিপজ্জনক বুলি গণ্য কৰা হয়। কাৰণ ইয়াৰ ফলত কোষ্ঠকাঠিন্য আৰু এচিডিটিৰ গুৰুতৰ সমস্যা হ’ব পাৰে। কাৰণ ঠাণ্ডা আৰু গৰম দু্য়োটাৰ সংমিশ্ৰণ ঠিক নহয়।
কমলা-কমলা আৰু মূলা একেলগে খালে স্বাস্থ্যৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক ৷ মূলা আৰু কমলা একেলগে খালে ‘বিহ’ খোৱাৰ দৰে হয় বুলি বিশ্বাস কৰা হয়। বিশেষকৈ পেটৰ সমস্যা থকা লোকে এনে কৰাৰ পৰা বিৰত থাকিব লাগে।
তিতা কেৰেলা-কেতিয়াও তিতা আৰু মূলা একেলগে খাব নালাগে। আচলতে এই দুটাত পোৱা প্ৰাকৃতিক উপাদানে একেলগে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰো সৃষ্টি হ’ব পাৰে আৰু হৃদযন্ত্ৰৰ বাবেও ই মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে।
অৱশ্যে জি নিউজ হিন্দীয়ে প্ৰকাশ কৰা মূলা সম্পৰ্কীয় এই লিখনীৰ যোগেদি তেওঁলোকে এই কথা প্ৰকাশ কৰিছে যে এই তথ্যসমূহৰ যোগেদি তেওঁলোকে ইয়াৰ সত্যাসত্যতা প্ৰমাণ কৰাৰ চেষ্টা কৰিছে যদিও কোনো এজন লোকে ইয়াৰ যিকোনো উপায় অৱলম্বন কৰাৰ আগতে যাতে চিকিৎসকৰ পৰামৰ্শ লয়। কাৰণ সকলোকে তথ্য প্ৰদান কৰাহে তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য ।