VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কিধৰণৰ সমস্যা হ’ব পাৰে? ইয়াৰ অভাৱ সোনকালে ধৰা নপৰে, গতিকে সাৱধান হওক!

voicedesk by voicedesk
June 25, 2024
in জীৱন
শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কিধৰণৰ সমস্যা হ’ব পাৰে? ইয়াৰ অভাৱ সোনকালে ধৰা নপৰে, গতিকে সাৱধান হওক!
0
SHARES
55
VIEWS
Share on FacebookShare on Twitter

প্ৰটিন আৰু কাৰ্বহাইড্ৰেটৰ দৰেই ভিটামিন শৰীৰৰ এক অপৰিহাৰ্য উপাদান। আৰু সেই ভিটামিনৰ বিভিন্ন অংশ আছে। তাৰ ভিতৰত ভিটামিন চি শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিটামিন।  পুষ্টিবিদসকলে কয় যে যদি আপুনি আপোনাৰ শৰীৰক সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে কিছুমান খাদ্য শস্য খাব লাগে য’ত ভিটামিন চি থাকে।

 

ভিটামিন চিয়ে শৰীৰৰ পৰা প্ৰদূষক দ্ৰব্য আঁতৰোৱাত সহায় কৰাৰ লগতে ই ওজন হ্ৰাসতো সহায় কৰে। শৰীৰত এই ভিটামিনৰ অভাৱত দাঁতৰ আলুৰ পৰা তেজ ওলোৱাৰ লগতে ইয়াৰ ৰোগ হ’ব পাৰে। ছালৰ বিভিন্ন ৰোগ হ’ব পাৰে। আন বিভিন্ন ধৰণৰ সংক্ৰামক ৰোগও হ’ব পাৰে। গতিকে জানো আহক ভিটামিন চি শৰীৰৰ বাবে কিয় গুৰুত্বপূৰ্ণ আৰু ইয়াৰ অভাৱ হ’লে কি হ’ব পাৰে।

 

ভিটামিন চি কিয় গুৰুত্বপূৰ্ণ?

 

১. শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

২. সংক্ৰামক ৰোগৰ পৰা শৰীৰক ৰক্ষা কৰে।

৩. ভাল ছাল আৰু চুলিৰ বাবে ভিটামিন চি জৰুৰী। ভিটামিন চিয়ে কলাজেন (এবিধ প্ৰ’টিন) তৈয়াৰ কৰিব পাৰে। সুস্থ ছালৰ বাবে কলাজেন প্ৰটিন গুৰুত্বপূৰ্ণ।

৪. ঘাঁ সোনকালে ভাল হোৱাত সহায় কৰে।

৫. ভিটামিন চি শৰীৰৰ লগতে মনৰ বাবেও উপকাৰী। দৈনিক খাদ্যত মধ্যমীয়া পৰিমাণৰ ভিটামিন চি ৰাখিলে মানসিক চাপ আৰু হতাশাৰ পৰা উপশম পাব পাৰি ৷

আপুনি কি কি খাদ্যত ভিটামিন চি পাব পাৰে?

 

টেঙাজাতীয় ফলত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। বতৰ পৰিৱৰ্তনৰ সময়ত এই ফলবোৰ বেছিকৈ খোৱাটো বাঞ্ছনীয়। বিলাহী, অমিতা,মধুৰিআম কেপচিকাম, ষ্ট্ৰবেৰী, ব্ৰকলি, সৰিয়হৰ শাক,নেমু,কমলা  আদি – ভিটামিন চিৰ ভাল উৎস।

 

শৰীৰত ভিটামিন চিৰ অভাৱত কি কি সমস্যা হয়?

 

বেছিভাগ ভাৰতীয় মহিলাই ভিটামিন চিৰ অভাৱত ভোগে। বহুতে হয়তো জানে যে ভিটামিন চিৰ অভাৱত মুখৰ ভিতৰত ঘাঁ হয়, অত্যধিক চৰ্দি হয়। ইয়াৰ বাহিৰেও আন বহুতো লক্ষণ দেখা যায়। এই ভিটামিন অতি শক্তিশালী এন্টিঅক্সিডেন্ট। গতিকে ইয়াৰ অভাৱ হ’লে ভাইৰাছ বা বেক্টেৰিয়াৰ ফলত হোৱা ৰোগ হোৱাৰ সম্ভাৱনা বেছি। ছালৰ স্বাস্থ্যৰ অৱনতি ঘটিলে প্ৰথমে ভিটামিন চিৰ অভাৱ দেখা যায়। ছালৰ বাহিৰৰ তৰপ বা এপিডাৰ্মিছ ক্ৰমান্বয়ে নিস্তেজ আৰু পাতল হৈ পৰে। এই স্তৰৰ তলৰ ৰক্তবাহী নলীবোৰ খহিবলৈ আৰম্ভ কৰে। দাঁতৰ গুৰিত কেলচিয়াম জমা হ’বলৈ আৰম্ভ কৰে। দাঁতৰ আলু দুৰ্বল হৈ পৰে। দাঁতৰ আলুৰ পৰা তেজ ওলাব পাৰে। ভিটামিন চিৰ অভাৱেও আপোনাৰ হাড়বোৰ দুৰ্বল আৰু ভংগুৰ কৰি তুলিব পাৰে। অষ্টিঅ’পৰ’ছিছৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। শিশুৰ ভিটামিন চিৰ অভাৱ আৰু অধিক সমস্যাজনক। হাড়ৰ গঠন মজবুত নহ’ব। ফলত পিছলৈ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব।

Previous Post

আয়ৰ প্ৰমাণ-পত্ৰ অবিহনে ৰেচন কাৰ্ড জমা দিও ল’ব পাৰিব বিনামূলীয়া নামভর্ত্তি, ৰাজ্য চৰকাৰৰ সিদ্ধান্ত

Next Post

কোপাত ভাল আৰম্ভনি নহ’ল ব্ৰাজিলৰ , দর্শকৰ আসনত থাকিল নেইমাৰ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
কোপাত  ভাল আৰম্ভনি নহ’ল ব্ৰাজিলৰ , দর্শকৰ আসনত থাকিল নেইমাৰ

কোপাত ভাল আৰম্ভনি নহ’ল ব্ৰাজিলৰ , দর্শকৰ আসনত থাকিল নেইমাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7