শীতকালি ডায়বেটিছ ৰোগীৰ বাবে খাদ্য তালিকাত এই বস্তু কেইবিধ ৰখাটো অতি প্ৰয়োজনীয়। জানো আহকচোন এই বস্তু কেইবিধৰ বিষয়ে—-
১) ডালচিনি :- শীতৰ দিনত চাহ-কফি সকলোতে ডালচিনি দিলে খাবলৈ সোৱাদ হয়। ডালচিনিত খুওঁব কম পৰিমাণে কাৰ্বোহাইড্ৰেট থাকে তাৰোপৰি ইয়াত বহুত বেছি এণ্টিঅক্সিডেণ্ট থাকে বাবে তেজত শৰ্কৰাৰ পৰিমাণ কমোৱাত সহায় কৰে। গতিকে ডায়বেটিছ ৰোগী সকলে ডালচিনি দিয়া চাহ খালে উপকৃত হ’ব পাৰিব।
২) মগুমাহ :- গজালি ওলোৱা মগুমাহ অতি উপকাৰী। গজালি ওলোৱা মগুমাহে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰে। মগুমাহত কম পৰিমাণে কাৰ্বোহাইড্ৰেট থাকে আৰু ফাইবাৰ থকা বাবে হজম শক্তিক শক্তিশালী কৰি তোলে। ডায়বেটিছ ৰোগীৰ বাবে গজালি ওলোৱা মগুমাহ খোৱাটো অতি উপকাৰী।
৩) মিঠা আলু :- মিঠা আলু মিঠা যদিও এনে নহয় যে এই আলুত বহুত বেছি পৰিমাণে কাৰ্বোহাইডেট আছে। মিঠাআলুত ফটোকেমিকেল বিটা কেৰোটিন থকাৰ ফলত ভিটামিন ‘এ’ পোৱা যায়। যাৰ ফলত চকু আৰু ছালৰ বাবে খুবেই উপকাৰী। ডায়বেটিছ ৰোগী সকলৰ বাবে মিঠাআলু এবিধ উপকাৰী খাদ্য।
৪) কোমোৰাৰ গুটি :- কোমোৰাৰ গুটিত কাৰ্বোহাইড্ৰেট অতি কম পৰিমাণে থাকে। কোমোৰাৰ গুটিয়ে তেজত শৰ্কৰাৰ পৰিমাণ কমোৱাত সহায় কৰে। কোমোৰাৰ গুটিত স্বাস্থ্যকৰ চৰ্বি থকাৰ উপৰিও ই হাৰ্টৰ কাৰণে উপকাৰী। শীতকালি ডায়বেটিছ ৰোগী সকলে কোমোৰাৰ গুটি খোৱা উচিত।
৫) কাজু :- ডায়বেটিছ ৰোগীৰ বাবে ড্ৰাই ফুটচৰ ভিতৰত সকলোতকৈ উপকাৰী হ’ল কাজু। কাজু হৃদৰোগীৰ বাবে উপকাৰী হোৱাৰ লগতে ব্লাড চুগাৰো নিয়ন্ত্ৰণত ৰাখিব পাৰে। কাজু বাদামত কাৰ্বোহাইড্ৰেট কম থকাৰ লগতে স্বাস্থ্যকৰ চৰ্বি বেছি থাকে যিয়ে শৰীৰক সুস্থ ৰাখিব পাৰে।
ইয়াৰ উপৰিও ডায়বেটিছ ৰোগীয়ে নাৰিকল তেল , মাছ আদি খোৱা উচিত।