কাঁইট বা হুল আদি সোমালে , কটা-চিঙা হ’লে পূঁজ সময়তে বাহিৰ হ’ব নোৱাৰিলে দুষ্টবৰ্ণ হ’ব পাৰে। দেহত লোহিত আৰু শ্বেত ৰক্ত কণিকা কমিলে সহজে দুষ্টবৰ্ণ হয়। ঘা ভিতৰি ভিতৰি পকি থাকে আৰু ক্ৰমান্বয়ে ঘা বহল হৈ পৰে। ঘা সহজে নুশুকায় , ঘাৰ পৰা মাজে মাজে পূঁজ পানী বাহিৰ হৈ থাকে। বন দৰবেৰে আমি কেনেকৈ প্ৰতিকাৰ পাব পাব পাৰো জানো আহক-
১) বিশল্যকৰণীৰ ৪ / ৫ খিলা পাত খুন্দি ঘাত প্ৰলেপ দিলে ঘা সহজে শুকায়।
২) চতিয়ানা গছৰ আঠা লগালে দুষ্টবৰ্ণ ভাল হয়।
৩) পচতীয়াৰ ৮ / ১০ খিলা পাত খুন্দি প্ৰলেপ দিব লাগে।
৪) গৰম পানীৰে ঘা পৰিষ্কাৰ কৰি বগা বাহকৰ কুমলীয়া পাত আৰু কেঁচা হালধি এডোখৰ খুন্দি ৰস উলিয়াই ভালদৰে ঘা ধুব লাগে।
৫) ২ গ্ৰাম পৰিমাণৰ মহানিমৰ ( পাত , ফল , ফুল আৰু শিপা খুন্দি তাৰ ৰস ) ৰস উলিয়াই ঘা ধুলে ঘা সহজে শুকায়।
ভেকুৰী , মহানিমৰ পাত , চিৰতা , শুকুতা , তিতাকেৰেলা আদি খোৱা ভাল।