পৰ্যাপ্ত পৰিমাণৰ পানী নোখোৱাকৈ কি হ’ব পাৰে সকলোৱে জানে। কিন্তু বহুতে হয়তো নাজানে যে অত্যধিক পানী খালে শৰীৰৰ ক্ষতি হব পাৰে। চিকিৎসকৰ মতে, বেছি পানী খোৱাৰ পৰা ক্ষতি হয় । অত্যধিক পানী খালে মগজুৰ কাৰ্য্যক্ষমতা হ্ৰাস পাব পাৰে। আনকি অত্যধিক পানী খোৱাৰ ফলতো কিছুমান ক্ষেত্ৰত মৃত্যু হ’ব পাৰে। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক “ৱাটাৰ ইনটক্সিকেছন”’ বুলি কোৱা হয়। অধিক পানী খালে তেজত ছডিয়ামৰ ঘনত্ব কমি যায়। বিভিন্ন শাৰীৰিক কাৰ্য্যৰ বাবে ছডিয়াম গুৰুত্বপূৰ্ণ।
“ৱাটাৰ ইনটক্সিকেছন” কি?
কম সময়ৰ ভিতৰতে প্ৰচুৰ পৰিমাণে পানী সেৱন কৰিলে আচলতে শৰীৰৰ ক্ষতি হ’ব পাৰে। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক “ৱাটাৰ ইনটক্সিকেছন”বুলি কোৱা হয়। ‘হাইপাৰহাইপাৰহাইড্ৰেচন’ বা ‘পানীৰ বিষক্ৰিয়া’ বুলিও কোৱা হয়। অতিৰিক্ত পানীয়ে তেজত ছডিয়ামৰ ঘনত্ব কমায়। ফলত ইলেক্ট্ৰলাইটৰ ভাৰসাম্য বিঘ্নিত হয়। ফলত বিভিন্ন শাৰীৰিক কাৰ্য্যত ব্যাঘাত জন্মে। অধিক পানী খোৱাৰ ফলত মৃত্যু হ’ব পাৰে বুলি চিকিৎসকসকলে কয়।
শৰীৰৰ বাবে কিমান পানী সেৱন কৰাটো নিৰাপদ?
কিমান পানী খাব লাগে সেয়া ব্যক্তিজনৰ ওজন, শাৰীৰিক ক্ৰিয়া-কলাপ আৰু সামগ্ৰিক কাৰ্যকলাপৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে। যদি কোনো শাৰীৰিক জটিলতা নাথাকে তেন্তে গোটেই দিনটো ২ৰ পৰা ৩ লিটাৰ পানী সেৱন কৰিব পাৰি। কিন্তু প্ৰতি ঘণ্টাত ১ লিটাৰতকৈ অধিক পানী সেৱন কৰাটো বিপদজনক। দিনত পৰ্যাপ্ত পৰিমাণে পানী খালেও দুপৰীয়া-সন্ধিয়াৰ পিছত আন পানীয়ৰ পৰিমাণ কম কৰিবলৈ পুষ্টিবিদসকলে কয়।
বিপদৰ পৰা হাত সাৰিবলৈ কি কথা মনত ৰাখিব লাগে?
১) পানী খালে ভাল বুলিয়েই বটলৰ পিছত বটল পানী খাব নালাগে। পিয়াহ অনুভৱ কৰিলেহে পানী খাব লাগে।
২) প্ৰস্ৰাৱৰ ৰঙে কব পাৰে শৰীৰত কিমান পানীৰ প্ৰয়োজন। গোটেই দিনটো পৰ্যাপ্ত পৰিমাণে পানী নাখালে প্ৰস্ৰাৱৰ ৰং গাঢ় হালধীয়া হৈ পৰে। তেতিয়াহে পানী সেৱন কৰিব লাগে।
৩) পানী খোৱাৰ পৰিমাণো শাৰীৰিক ব্যায়াম বা বতৰৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপোনাৰ বহুত ঘাম ওলায় বা বহুত শাৰীৰিক পৰিশ্ৰম কৰে তেন্তে আপুনি অধিক পানী খাব লাগে ৷