বেছিভাগ পিঠিৰ বিষৰ উৎপত্তি স্থল হাড়ৰ জোৰা আৰু স্নায়ুতন্ত্ৰী। সেইবাবে পিঠিৰ বিষৰ আচল কাৰণ উলিওৱা বৰ টান। শুনিবলৈ আচৰিত যেন লাগিলেও ভৰিত ভালকৈ খাপ নোখোৱা জোতাৰ পৰাও আমাৰ পিঠিৰ বিষ হ’ব পাৰে। তেনেকুৱা জোতাৰ পৰা হাড় আৰু পেশীবোৰ অনবৰত কষ্ট পাই থাকিলেও তাৰ পৰা হোৱা বিষ ক্ৰমে পিঠি আৰু কঁকাললৈকে বিয়পি পৰে।সেই কাৰণে জোতা কিনোতে সাৱধান হ’ব লাগে। ভৰিত খাপ খাই পৰা আৰামদায়ক জোতাহে কিনিব লাগে।
পিঠিৰ বিষ আৰম্ভ হ’লে কোনো ধৰণৰ ব্যায়াম নকৰি কিছুসময় বিছনাত শুই জিৰণি ল’ব লাগে। দুদিন মানলৈ বিষ নকমিলে ডাক্টৰৰ পৰামৰ্শ লোৱা উচিত। সদায় পোন হৈ খোজ কাঢ়িব লাগে। শৰীৰটো একা বেকা কৰি বহিলে বা খোজ কাঢ়িলেও পিঠিৰ বিষ হ’ব পাৰে।
পিঠিৰ বিষ নোহোৱাকৈ ৰখাৰ আন এটা উপায় হ’ল শৰীৰটো সুস্থ আৰু সৱল কৰি ৰখা। গোটেই শৰীৰটোৰ লগতে পিঠিৰ পেশী সবল কৰি ৰাখিবলৈ ব্যায়াম কৰিব লাগে। নিয়মিত ভাৱে যোগাসন কৰিলে পিঠিৰ বিষ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়। ধুমপানৰ অভ্যাসো পিঠিৰ কাৰণে অতি ক্ষতিকৰ।